পশ্চিম এছিয়াৰ সংকটৰ মাজতে আৰম্ভ হৈছে আৰবিআইৰ মুদ্ৰা পৰ্যালোচনা বৈঠক, ৰেপো ৰেট অপৰিৱৰ্তিত থকাৰ সম্ভাৱনা
মুম্বাই, ০৬ এপ্ৰিল (হি.স.)। পশ্চিম এছিয়াৰ সংকটৰ মাজতে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া (আৰ বি আই)ৰ মুদ্ৰা নীতি কমিটি (এম পি চি) আজিৰ পৰা চলি থকা বিত্তীয় বৰ্ষ ২০২৬-২৭ৰ বাবে প্ৰথম তিনিদিনীয়া পৰ্যালোচনা বৈঠক আৰম্ভ কৰিছে। এই পৰ্যালোচনা বৈঠক ৬-৮ এপ্ৰিললৈ চলি
आरबीआई के लोगो का प्रतीकात्मक चित्र


মুম্বাই, ০৬ এপ্ৰিল (হি.স.)। পশ্চিম এছিয়াৰ সংকটৰ মাজতে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া (আৰ বি আই)ৰ মুদ্ৰা নীতি কমিটি (এম পি চি) আজিৰ পৰা চলি থকা বিত্তীয় বৰ্ষ ২০২৬-২৭ৰ বাবে প্ৰথম তিনিদিনীয়া পৰ্যালোচনা বৈঠক আৰম্ভ কৰিছে। এই পৰ্যালোচনা বৈঠক ৬-৮ এপ্ৰিললৈ চলিব। অৰ্থনীতিবিদসকলে ৰেপ' ৰেট ৫.২৫ শতাংশত থাকিবলৈ সম্ভাৱনা প্ৰকাশ কৰিছে।

আৰ বি আইৰ গভৰ্ণৰ সঞ্জয় মালহোত্ৰাৰ অধ্যক্ষতাত অনুষ্ঠিত হ’বলগীয়া এই বৈঠক অহা ৮ এপ্ৰিললৈকে চলিব আৰু সেইদিনা তেওঁ বৈঠকৰ সিদ্ধান্ত ঘোষণা কৰিব। এই পৰ্যালোচনা বৈঠকৰ সময়ত নীতিগত সুতৰ হাৰ, ৰেপো হাৰ, আৰু মুদ্ৰাস্ফীতিৰ সিদ্ধান্ত লোৱা হ’ব। অৰ্থনীতিবিদসকলৰ মতে, বিশ্বৰ ক্ৰমাৎ বৃদ্ধি পোৱা অনিশ্চয়তা, উচ্চ খাৰুৱা তেলৰ মূল্য, আৰু মুদ্ৰাৰ চাপৰ মাজত অৰ্থনৈতিক দৃষ্টিভংগীৰ মূল্যায়নৰ বাবে আৰ বি আইৰ মুদ্ৰা পৰ্যালোচনা বৈঠকৰ সময়ত কেন্দ্ৰীয় বেংকে ৰেপো হাৰ ৫.২৫% অপৰিৱৰ্তিত ৰাখিব।

ৰেপো ৰেট বুলিলে আৰ বি আইয়ে বেংকক হ্ৰস্বম্যাদী ধন ঋণ দিয়া সুতৰ হাৰক বুজায়। ই ঋণ, ইএমআই, সঞ্চয়, আৰু বিনিয়োগত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলায়। ইয়াৰ পূৰ্বে ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হোৱা পূৰ্বৰ বিত্তীয় বৰ্ষৰ শেষৰখন এমপিচি বৈঠকত ৰেপ’ হাৰ ৫.২৫% স্থিৰ কৰি ৰখা হৈছিল । কিন্তু ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা ৰিজাৰ্ভ বেংকে ৰেপ’ হাৰ মুঠ ১.২৫% কৰ্তন কৰিছে।

আৰ বি আইৰ মুদ্ৰানীতি সমিতি ৬ জন সদস্যৰে গঠিত। এমপিচিয়ে সাধাৰণতে মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰিবলৈ ৰেপো হাৰ নিৰ্ধাৰণ কৰে। ইয়াৰ সদস্যসকলৰ ভিতৰত আছে আৰ বি আইৰ তিনিজন বিষয়া (গভৰ্ণৰকে ধৰি) আৰু কেন্দ্ৰীয় চৰকাৰে নিযুক্তি দিয়া তিনিজন বহিঃসদস্য। এই বিত্তীয় বৰ্ষত মুঠ ছখন মুদ্ৰা পৰ্যালোচনা বৈঠক অনুষ্ঠিত হ’ব, দ্বিতীয়খন ৩, ৪ আৰু ৫ জুনলৈ, তৃতীয়খন ৩, ৪ আৰু ৫ আগষ্টত, চতুৰ্থখন ৫, ৬, আৰু ৭ অক্টোবৰত, পঞ্চমখন ২, ৩ আৰু ৪ ডিচেম্বৰত আৰু ষষ্ঠখন ২০২৭ চনৰ ৩, ৪ আৰু ৫ ফেব্ৰুৱাৰীত নিৰ্ধাৰিত কৰা হৈছে ।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande