ৰঙিয়াত ই ৰিক্সাৰ দৌৰাত্ম্য, খুন্দিয়াই ভাঙিলে ৰেলগেট
কামৰূপ, ০৬ এপ্ৰিল (হি.স.)। ৰঙিয়াত ই ৰিক্সাৰ দৌৰাত্ম্য। ৰঙিয়াৰ তিনিআলিত ৰেলৱে গেটত ই ৰিক্সাৰ খুন্দা। এইবাৰ ৰে''ল গেট খুন্দিয়াই ভাঙি পলায়ন ই-ৰিক্সাৰ। এই দুৰ্ঘটনাৰ ফলত তীব্ৰ যানজঁটৰ সৃষ্টি হয় ৰঙিয়া ভূটান ৰোডত। শশ বাহন আৱদ্ধ হৈ পৰে। যিকোনো মূহুৰ্
ৰঙিয়াত ই ৰিক্সাৰ দৌৰাত্ম্য, খুন্দিয়াই ভাঙিলে ৰেলগেট


কামৰূপ, ০৬ এপ্ৰিল (হি.স.)। ৰঙিয়াত ই ৰিক্সাৰ দৌৰাত্ম্য। ৰঙিয়াৰ তিনিআলিত ৰেলৱে গেটত ই ৰিক্সাৰ খুন্দা। এইবাৰ ৰে'ল গেট খুন্দিয়াই ভাঙি পলায়ন ই-ৰিক্সাৰ। এই দুৰ্ঘটনাৰ ফলত তীব্ৰ যানজঁটৰ সৃষ্টি হয় ৰঙিয়া ভূটান ৰোডত। শশ বাহন আৱদ্ধ হৈ পৰে।

যিকোনো মূহুৰ্তত ৰেল দুৰ্ঘটনাৰ আশংকা। জানিব পৰা অনুসৰি ৰঙিয়াৰ মাজমজিয়াত থকা তিনিআলি আৰ এম ২ ৰে'ল গেট খুন্দিয়াই ভাঙিলে ই-ৰিক্সাই। ঘটনা সংঘটিত কৰি পলায়ন ই ৰিক্সা চালকৰ। এই ঘটনাৰ পিছত কিংকৰ্তব্যবিমূঢ় হৈ পৰে গেটমেনজন।

উল্লেখ্য যে ৰঙিয়া নগৰত এতিয়া ই-ৰিক্সা একপ্ৰকাৰ সন্ত্ৰাসৰ কাৰণ হৈ পৰিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande