দেশৰ দৈনিক শ্ৰমিকজীৱিৰ হাতৰ মুঠিৰ বাহিৰত ৰন্ধন গেছঃ ৰাহুল গান্ধী
নতুন দিল্লী, ০৬ এপ্ৰিল (হি.স.)। পশ্চিম এছিয়াত চলি থকা সংঘাতৰ মাজতে দেশত এল পি জিৰ অভাৱক লৈ চৰকাৰক সমালোচনা কৰে প্ৰাক্তন কংগ্ৰেছ সভাপতি তথা লোকসভাত বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে। তেওঁ কয় যে বৰ্তমান দেশৰ দৈনিক মজুৰি শ্ৰমিকৰ হাতৰ মুঠিৰ বাহিৰত ৰন্ধ
कांग्रेस सांसद राहुल गांधी रविवार को बिश्वनाथ में एक जनसभा को संबोधित करते हुए। Rahul Gandhi


নতুন দিল্লী, ০৬ এপ্ৰিল (হি.স.)। পশ্চিম এছিয়াত চলি থকা সংঘাতৰ মাজতে দেশত এল পি জিৰ অভাৱক লৈ চৰকাৰক সমালোচনা কৰে প্ৰাক্তন কংগ্ৰেছ সভাপতি তথা লোকসভাত বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে। তেওঁ কয় যে বৰ্তমান দেশৰ দৈনিক মজুৰি শ্ৰমিকৰ হাতৰ মুঠিৰ বাহিৰত ৰন্ধন গেছ।

সোমবাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সৰ জৰিয়তে ৰাহুল গান্ধীয়ে এল পি জি সংকটক ক’ভিড-১৯ মহামাৰীৰ দৰে ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে। কোনো নীতি নাই, মাথোঁ ডাঙৰ ডাঙৰ ঘোষণা, সমগ্ৰ বোজা দুখীয়াৰ ওপৰত জাপি দিয়া হৈছে। দৈনিক ৫০০ৰ পৰা ৮০০ টকাৰ মজুৰি উপাৰ্জন কৰা প্ৰব্ৰজিত শ্ৰমিকৰ হাতৰ মুঠিৰ বাহিৰত এতিয়া ৰন্ধন গেছ। ৰাতি ঘৰলৈ উভতি অহা শ্ৰমিকৰ হাতত চৌকা জ্বলাবলৈও টকা নাই। ফলত শ্ৰমিকসকলে চহৰ এৰি নিজৰ গাঁৱলৈ উভতি যাবলৈ বাধ্য হৈছে।

বস্ত্ৰ কল আৰু কাৰখানাৰ মেৰুদণ্ড হিচাপে পৰিগণিত হোৱা শ্ৰমিকসকলকহে ভাঙি পেলোৱা হৈছে বুলিও তেওঁ কয়। ইতিমধ্যে বস্ত্ৰ উদ্যোগ গভীৰ সংকটত পৰিছে আৰু উৎপাদনৰ পতন ঘটিছে। ক’ৰ পৰা আহিল এই সংকট ? ইয়াৰ কাৰণ এটা কূটনৈতিক ভুল যিটো চৰকাৰে এতিয়াও স্বীকাৰ কৰিবলৈ অস্বীকাৰ কৰিছে। প্রতিটো সংকটতে দৰিদ্ৰ লোকৰ প্রথমে মৃত্যু হয় কিয় বুলি প্রশ্ন উত্থাপন কৰে বিৰোধী দলপতিগৰাকীয়ে৷ এইটো কেৱল দুখীয়াৰ প্ৰশ্ন নহয়, আমাৰ সকলোৰে প্ৰশ্ন।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande