
পুডুচেৰী, ০৬ এপ্ৰিল (হি.স.)। পুডুচেৰী বিধানসভাৰ নিৰ্বাচনী পৰিৱেশ চূড়ান্ত পৰ্যায়ত প্ৰৱেশ কৰিছে। ইফালে কংগ্ৰেছ নেতা তথা সাংসদ ৰাহুল গান্ধীয়ে ইয়াত ৰাজহুৱা সভাত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে। তেওঁ নিবনুৱা যুৱক-যুৱতীক প্ৰতিমাহে ২০০০ টকা আৰু চৰকাৰী বাছত মহিলাৰ বাবে বিনামূলীয়া যাত্ৰাৰ সুবিধা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে।
৯ এপ্ৰিলৰ নিৰ্বাচনৰ প্ৰচাৰৰ বাবে যোৱা ৬ এপ্ৰিলত তামিলনাডুত উপস্থিত হয় কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী। দিল্লীৰ পৰা চেন্নাইলৈ উৰা মাৰি তাৰ পিছত হেলিকপ্টাৰেৰে পুডুচেৰী পালেহি।
পুডুচেৰীৰ ল’স্পেটত ৰাজহুৱা সভাত ভাষণ দি ৰাহুল গান্ধীয়ে ঘোষণা কৰে যে পুডুচেৰীৰ মহিলাসকলে বিনামূলীয়া বাছ সেৱা লাভ কৰিব। তেওঁ আৰু কয় যে কংগ্ৰেছ দল পুডুচেৰীক সম্পূৰ্ণ ৰাজ্যিকত্ব প্ৰদানৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। লগতে চৰকাৰী চাকৰিৰ বয়সৰ সীমা ৪০ বছৰলৈ বৃদ্ধি কৰাৰ কথাও ঘোষণা কৰে।
প্ৰতিটো পৰিয়ালক ২০ লাখ টকাৰ স্বাস্থ্য বীমাৰ ব্যৱস্থা কৰা হ’ব আৰু কংগ্ৰেছ চৰকাৰ গঠন হোৱাৰ ছমাহৰ ভিতৰত স্থানীয় সংস্থাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। তেওঁ কয় যে পুডুচেৰীত চৰকাৰী আৰু ব্যক্তিগত খণ্ডত কৰ্মসংস্থাপনৰ সুযোগ বৃদ্ধি কৰা হ’ব। আমি নিবনুৱা যুৱক-যুৱতীসকলক প্ৰতিমাহে ₹ ২,০০০ টকা যোগান ধৰিম।
ৰাহুল গান্ধীয়ে অভিযোগ কৰে যে কেন্দ্ৰীয় শাসিত অঞ্চল চৰকাৰে ভুৱা ঔষধৰ বিষয়টোৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। লগতে বিদ্যালয়ৰ সমীপত সুৰাৰ বিপণী খোলাৰ লগতে মন্দিৰৰ মাটিও বিক্ৰী কৰা হৈছে বুলিও তেওঁ কয়।
নিৰ্বাচনলৈ মাত্ৰ তিনিদিন বাকী থকা অৱস্থাত সকলো ৰাজনৈতিক দলৰ নেতাই জোৰদাৰ প্ৰচাৰ চলাইছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া