ভোটাৰ ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে নাজিৰাত আৰক্ষীৰ ফ্লেগ মাৰ্চ
শিৱসাগৰ, ০৬ এপ্ৰিল (হি.স.)। ভোটাৰ ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে নাজিৰাত আৰক্ষীৰ ফ্লেগ মাৰ্চ কৰা হয় l সমাগত অসম বিধান সভা নিৰ্বাচনত শান্তি শৃংখলা ৰক্ষা কৰি ভোটাৰ -জনগণে নিৰ্ভয় মনে যাতে ভোটদান সাব্যস্ত কৰিব পাৰে , সেই দিশৰ প্ৰতি লক্ষ্য ৰাখি আজি অসম
ভোটাৰ ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে নাজিৰাত আৰক্ষীৰ ফ্লেগ মাৰ্চ


শিৱসাগৰ, ০৬ এপ্ৰিল (হি.স.)। ভোটাৰ ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে নাজিৰাত আৰক্ষীৰ ফ্লেগ মাৰ্চ কৰা হয় l সমাগত অসম বিধান সভা নিৰ্বাচনত শান্তি শৃংখলা ৰক্ষা কৰি ভোটাৰ -জনগণে নিৰ্ভয় মনে যাতে ভোটদান সাব্যস্ত কৰিব পাৰে , সেই দিশৰ প্ৰতি লক্ষ্য ৰাখি আজি অসম আৰক্ষীৰ এক নিৰ্দেশ মৰ্মে শিৱসাগৰ জিলাৰ আৰক্ষী প্ৰশাসনৰ তত্বাৱধানত নাজিৰা আদৰ্শ আৰক্ষী থানাৰ আৰক্ষীয়ে এক ফ্লেগ মাৰ্চ কৰি নাজিৰা নগৰ অঞ্চলত এক শোভাযাত্ৰা বাহিৰ কৰে ।

নাজিৰা সমজিলাৰ আৰক্ষী অধীক্ষক তুষাৰ দেশাই আৰু নাজিৰা আদৰ্শ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সত্যজিৎ বৰাৰ নেতৃত্বত অসম আৰক্ষী, কমাণ্ডো বাহিনী , চি আৰ পি এফ , অৰ্ধ সামৰিক বাহিনীৰ দলে অংশ গ্ৰহণ কৰে । নিৰ্ভয়ে আমি আগবাঢ়ি আঁহো , অভিলেখ ভোটদানেৰে অসমৰ সুনাম গঢ়ো শীৰ্ষক মট' লৈ আৰক্ষী বাহিনীয়ে ফ্লেগ মাৰ্চ কৰি ভোটাৰ -জনগণৰ মাজত সজাগতা সৃষ্টি কৰে ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande