
বিশ্বনাথ, ০৬ এপ্ৰিল (হি.স.)। বিশ্বনাথ বিধানসভা অন্তৰ্গত চতিয়াৰ নবগঠিত ঘিলাধাৰীমূখ গাওঁ পঞ্চায়তৰ এটা সুঁতিৰ ওপৰত থকা এখন দলংয়ে ৰাইজক খুৱাইছে জ্বলা কলা। বিশ্বনাথ সমষ্টিৰ চতিয়াৰ সিপৰীয়া অঞ্চলৰ ২ নং আধাভেটিৰ নাপিত ঘাটৰ ঘিলাধাৰী নৈৰ সুঁতিৰ ওপৰত থকা দলং।আজিৰ পৰা কিছু বছৰৰ আগতে কাঠৰ দলং আছিল। এটা বছৰো নাযায় কাঠৰ দলং খনে।
তেতিয়াৰ চতিয়া ১নং গাওঁ পঞ্চায়তৰ একাংশ পঞ্চায়ত প্ৰতিনিধিৰ সোণৰ কনি পৰা হাহঁত পৰিণত হৈছিল এইখন দলং। বাৰিষা আহিলেই বুকু কপি উঠে অঞ্চলটোৰ ৰাইজৰ। হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীৰ কলৰ ভুৰেই হৈ পৰে একমাত্ৰ ভৰষা। অঞ্চলটোৰ ৰাইজৰ দাবীত বিশ্বনাথ বিধান সভা সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰমোদ বৰঠাকুৰে বিগত বৰ্ষত এই দলংখন পকি দলং কৰিব বুলি ঘোষণা কৰিছিল আৰু দলংৰ আধাৰশিলা স্থাপন কৰিলে দলংখনৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ল ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিলে কিন্তু নিৰ্মাণৰ নামত দুফালে দুখন বেৰহে নিৰ্মাণ হ'ল দলং আজিও নহ'ল।আহি আছে বাৰিষা।
বাৰিষা কালত ছাত্ৰ ছাত্ৰীৰ লগতে সাধাৰণ ৰাইজৰ বিলাই বিপত্তি নোহোৱা হয়। এই দলংখনেই নহয় অঞ্চলটোৰ পথৰ অবস্থাও তথৈবচ।সন্মুখত নিৰ্বাচন ভোট বিচাৰি বিভিন্ন দলৰ ভোট ভিক্ষা কৰিবলৈ লৰাধপৰা লাগিছে কিন্তু এই সমস্যা সমূহ পৰিবনে চকুত অঞ্চলটোৰ ৰাইজৰ প্ৰশ্ন।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ