
বৰপেটা, ০৬ এপ্ৰিল (হি.স.)। বৰপেটা ৰোডত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভাষণ। অসমীয়াতে ৰঙালী বিহুৰ শুভেচ্ছা | এইবাৰ অসমে দুটা কাম কৰিব,
এটা বিজেপি চৰকাৰৰ হেট্ৰিক আৰু আনটো ৰাহুল গান্ধীৰ পৰাজয়ৰ চেঞ্চুৰী | ৰাইজক বিজেপি দলৰ প্ৰতিস্থা দিৱসৰ শুভেচ্ছা | বিগত ১০ বছৰত অসমত শান্তি সম্প্ৰীতি বিৰাজ কৰিছে |
অনাগত দিনত সমৃদ্ধিৰ আৰু আত্মনীৰ্ভৰশীলতাৰ দিন হব | ভাজপাই যি কয় সেয়া কৰি দেখুৱায় | মা কামাখ্যাৰ আশীৰ্বাদ আছে অসমৰ ওপৰত |
অসমত যোগাযোগ ব্যৱস্থাৰ উন্নতিৰ লগতে পৰ্যটন ক্ষেত্ৰৰ বিকাশ হৈছে | কৃষকৰ বাবে বৃহৎ ঘোষণা ।অসমৰ জহা চাউলৰ সুগন্ধি বিদেশলৈ বিয়পিছে | অসনৰ জহা চাউল ইউৰোপ, ইটালীলৈ ৰপ্তানি আৰম্ভ হৈছে |
দেশৰ দুই এখন ৰাজ্যতহে কংগ্ৰেছ চৰকাৰ বৰ্তি আছেগৈ | ২০১৩ত যেতিয়ালদেশত কংগ্ৰেছ চৰকাৰ আছিল তেতিয়া প্ৰতি কুইণ্টলত এমএচপি ১৩০০ টকা আছিল | বৰ্তমান ২৩০০ টকা এমএছপি | পূৰ্বে দেশত ৪ লাখ কোটি টকাৰ ধান ক্ৰয় কৰিছিল, বৰ্তমানৰ সংখ্যা ১৬ লাখ কোটি টকা । কৃষক সন্মান নিধিত চাৰে সাত লাখ কোটি ব্যয় | কৃষকৰ হিতৰ বাবে লোৱা আচনিৰ বাবে অসমৰ কৃষকৰ প্ৰথম পচণ্ড বিজেপি, এনডিএ |
৩ কোটি মহিলা লাখপতি দিদি হৈছে | অসমৰ সংখ্যা ১লাখ | অৰুণোদয় আঁচনিৰ মহিলাৰ উন্নয়নৰ বাবে কৰা কাম এয়াই বিজেপিৰ বাবে এক ডাঙৰ প্ৰাপ্তি |মহিলাৰ বাবে ৩৩ শতাংশ সংৰক্ষণৰ কথাও ঘোষণা | ২৯ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণ কৰা হব।
ইয়াৰ বাবে সংসদৰ বিশেষ অধিবেশন হব | ৭৫ বছৰে আদিবাসী আৰু ট্ৰাইবেল সকলৰ অন্যায় কৰিছে. |
প্ৰতিবছৰে অসমত ১০০০ লোক উগ্ৰপন্থীৰ বলি হৈছিল | কংগ্ৰেছৰ চুক্তি সমুহ কাগজৰ ফাইলতে আৱদ্ধ হৈ আছিল. |কংগ্ৰেছে আদিবাসী সকলক ঠগ,প্ৰৱঞ্চনা কৰিছিল | শান্তি আৰু বিকাশৰ বাবে কংগ্ৰেছক শাসনৰ পৰা বহুত দূৰত ৰখাটো জৰুৰী | বড়ো সকলৰ হুদুম পূজা আৰু কোচ সকলৰ
শংকৰদেৱৰ, মাধৱদেৱ, দামোদৰদেৱ, হৰিদেৱৰ নাম উল্লেখ | কংগ্ৰেছৰ দিনত সত্ৰৰ মাটি বেদখল হৈছিল |
বৰ্তমান সত্ৰৰ মাটি বেদখল মুক্ত হৈছে | কংগ্ৰেছে মুকলিকৈ অনুপ্ৰবেশক সমৰ্থন কৰে | কংগ্ৰেছে অবৈধ বেদখলৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ বিৰোধী ।
বিজেপিক দিয়া ভোটে অসমক সুৰক্ষা দিব, অসমক পৰিচয় দিব | অহা তিনিদিন গুৰুত্বপূৰ্ণ দিন, প্ৰতিটো বুথত বিজেপি জিকিব লাগিব |
ভোটাধিকাৰ বৃদ্ধি কৰিব লাগিব |
সভাত উপস্থিত সকলক সভাৰ পৰা ঘৰলৈ গৈ সকলো ভোটাৰৰ ঘৰলৈ যাবলৈ আৰু ভোট দিবলৈ কবলৈ আহ্বান | মোডীৰ হৈ এই আহ্বান জনাবলৈ কয় সভাত উপস্থিত সমৰ্থক সকলক | মোডীয়ে ভাষণত বড়ো আৰু কোচ সকলৰ উৎসৱ সম্পৰ্কে ভুলকৈ মন্তব্য কৰা দেখা যায় | প্ৰতিটো পৰিয়ালক মোডীৰ ৰঙালী বিহুৰ শুভেচ্ছা আৰু সেৱা জনাবলৈ কয় ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা