দেশত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যৰ নাই কোনো অস্বাভাৱিক উঠা-নমা, চৰকাৰে নিৰীক্ষণ কৰি আছে পৰিস্থিতি
–চৰকাৰে কয় যে প্ৰায় ৬০২ লাখ মেট্ৰিক টন খাদ্যৰ মজুত উপলব্ধ নতুন দিল্লী, ০৬ এপ্ৰিল (হি.স.)। পশ্চিম এছিয়াৰ সংকটৰ মাজতে সোমবাৰে কেন্দ্ৰীয় চৰকাৰে কয় যে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যত কোনো ধৰণৰ “অস্বাভাৱিক উঠা-নমা” দেখা পোৱা নাই। সমগ্ৰ দেশৰ পাইকাৰী
सार्वजनिक वितरण विभाग में संयुक्त सचिव सी. शिखा ने अंतर-मंत्रालयी प्रेसवार्ता में दी जानकारी


–চৰকাৰে কয় যে প্ৰায় ৬০২ লাখ মেট্ৰিক টন খাদ্যৰ মজুত উপলব্ধ

নতুন দিল্লী, ০৬ এপ্ৰিল (হি.স.)। পশ্চিম এছিয়াৰ সংকটৰ মাজতে সোমবাৰে কেন্দ্ৰীয় চৰকাৰে কয় যে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যত কোনো ধৰণৰ “অস্বাভাৱিক উঠা-নমা” দেখা পোৱা নাই। সমগ্ৰ দেশৰ পাইকাৰী আৰু খুচুৰা বজাৰত মূল্যৰ ওপৰত অহৰহ নিৰীক্ষণ কৰা হৈছে।

ইয়াত আন্তঃমন্ত্ৰালয়ৰ সংবাদমেল সম্বোধন কৰি ৰাজহুৱা বিতৰণ বিভাগৰ যুটীয়া সম্পাদক চি শিখাই কয় যে দেশৰ খাদ্য সুৰক্ষাৰ পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখা হৈছে। দেশত ঘেঁহু আৰু চাউল দুয়োটাৰে পৰ্যাপ্ত বাফাৰ ষ্টক আছে, যিটো নিৰ্ধাৰিত মানদণ্ডৰ তিনিগুণ। ঘেঁহুৰ বাবে আমাৰ হাতত প্ৰায় ২২২ লাখ মেট্ৰিক টন (এল এম টি) ষ্টক আছে। চাউলৰ বাবে আমাৰ হাতত প্ৰায় ৩৮০ লাখ মেট্ৰিক টন (এলএমটি) আছে। এইদৰে মুঠতে আমাৰ হাতত প্ৰায় ৬০২ লাখ মেট্ৰিক টন (এল এম টি) খাদ্যৰ মজুত উপলব্ধ। তেওঁ উল্লেখ কৰে যে ৰাজ্যসমূহক অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ জমা আৰু ক’লা বিপণনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়া হৈছে।

যুটীয়া সচিবগৰাকীয়ে কয় যে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনখনে দুৰ্বল জনসংখ্যাৰ বাবে খাদ্য শস্যৰ অবিৰত উপলব্ধতা নিশ্চিত কৰে। খাদ্য সুৰক্ষাৰ উপৰিও আমি বজাৰত হস্তক্ষেপ কৰি খাদ্যৰ মূল্য সুস্থিৰ নিশ্চিত কৰোঁ। এই কাম মুকলি বজাৰ বিক্ৰী আঁচনিৰ জৰিয়তে কৰা হয়।

চি শিখাই কয় যে ইণ্ডোনেছিয়া, মালয়েছিয়া, ৰাছিয়া, ইউক্ৰেইন, আৰ্জেণ্টিনা, ব্ৰাজিলকে ধৰি আমাৰ মূল অংশীদাৰ দেশসমূহৰ পৰা আমদানি নিৰৱচ্ছিন্নভাৱে অব্যাহত আছে। উন্নত সৰিয়হৰ উৎপাদনে ঘৰুৱা যোগান শক্তিশালী কৰিছে। সামগ্ৰিকভাৱে যোগান সুস্থিৰ হৈ আছে। চৰকাৰে ইয়াৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব আৰু প্ৰয়োজন সাপেক্ষে হস্তক্ষেপ কৰিব।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande