
যোৰহাট, ০৬ এপ্ৰিল (হি.স.)। যোৰহাটত প্ৰথমবাৰৰ বাবে “জনিত্ব প্ৰজনন কেন্দ্ৰ” মুকলি
জনসাধাৰণক উন্নত উৰ্বৰতা আৰু প্ৰজনন স্বাস্থ্য সেৱা প্ৰদানৰ লক্ষ্যৰে যোৰহাটত প্ৰথমবাৰৰ বাবে “ জানিতভা ফাৰ্টিলিটি নামেৰে জনিত্ব প্ৰজনন কেন্দ্ৰ” আজি মুকলি কৰা হয়।
মালৌআলি পথত অৱস্থিত এই আধুনিক কেন্দ্ৰটো ফিটা কাটি মুকলি কৰে দুগৰাকী শিশুৱে।
কেন্দ্ৰটোত উৰ্বৰতা সমস্যাৰ পৰামৰ্শ, চিকিৎসা আৰু আধুনিক প্ৰজনন স্বাস্থ্য সেৱা একে ঠাইতে উপলব্ধ হ’ব।
বিশেষকৈ সন্তান লাভত সমস্যাত ভোগা দম্পতীসকলৰ বাবে এই কেন্দ্ৰটো সহায়ক হোৱাৰ লগতে এই কেন্দ্ৰই যোৰহাট তথা পাৰ্শ্বৱৰ্তী অঞ্চলত স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত নতুন দিশ উন্মোচন কৰিব বুলি আশা প্ৰকাশ কৰিছে কেন্দ্ৰটোৰ লগত জড়িত লোকসকলে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু