
কাঠমাণ্ডু, ০৬ এপ্ৰিল (হি.স.)। নেপালৰ চৰকাৰী কার্যালয় আৰু ৰাজহুৱা সংস্থাসমূহৰ নতুন সময়সূচী আজি (৬ এপ্ৰিল)ৰ পৰা কাৰ্যকৰী হ’ল। এতিয়া পুৱা ৯:০০ বজাৰ পৰা বিয়লি ৫:০০ বজালৈ খোলা থাকিব কাৰ্যালয়। শিক্ষানুষ্ঠান বাদ দি দেওবাৰে মন্ত্ৰী পৰিষদে এই সিদ্ধান্ত গ্ৰহণ কৰে।
তদুপৰি ৰাজহুৱা কাৰ্যালয় আৰু শিক্ষানুষ্ঠানসমূহত এতিয়া সপ্তাহত দুদিন ছুটী থাকিব। শনিবাৰ আৰু দেওবাৰে বন্ধ থাকিব কাৰ্যালয়। নতুন শৈক্ষিক অধিবেশন আৰম্ভ হোৱাৰ লগে লগে কাৰ্যকৰী হোৱা ২৮ এপ্ৰিলৰ পৰা শিক্ষানুষ্ঠানসমূহৰ বাবে দুদিনীয়া সাপ্তাহিক ছুটী কাৰ্যকৰী হ’ব বুলিও চৰকাৰে স্পষ্ট কৰি দিছে।
অৱশ্যে শীতকালীন কালত (২ নৱেম্বৰৰ পৰা ২৯ জানুৱাৰীলৈ) কাৰ্যালয়ৰ সময় সলনি কৰা হ’ব। পুৱা ৯:০০ বজাৰ পৰা বিয়লি ৪:০০ বজালৈ চলিব কাৰ্যালয়। এই তথ্য গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে গেজেটত প্ৰকাশিত জাননীৰ জৰিয়তে প্ৰদান কৰিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া