
তামুলপুৰ, ৬ এপ্ৰিল (হি.স.)। অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভা নিৰ্বাচন, ২০২৬-ৰ পৰিপ্ৰেক্ষিতত আৰু নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি সকলো আন্তঃৰাষ্ট্ৰীয় স্থল সীমান্তৰ প্ৰৱেশ আৰু প্ৰস্থান পথসমূহ বন্ধ কৰি মানুহ আৰু বাহনৰ চলাচল নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। জিলা দণ্ডাধীশ তথা জিলা নিৰ্বাচনী বিষয়া চিমি কৰণ, আই এ এছে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা, ২০২৩-ৰ ধাৰা ১৬৩ (২) অনুসৰি জাৰি কৰা আদেশত উল্লেখ কৰিছে যে ভাৰত-ভূটান সীমান্তৰ প্ৰৱেশ আৰু প্ৰস্থান পথসমূহেৰে ৬ এপ্ৰিলৰ সন্ধিয়া ৫ বজাৰ পৰা ভোটগ্ৰহণ সম্পূৰ্ণ নোহোৱা পৰ্যন্ত যাতায়াত নিয়ন্ত্ৰিত হৈ থাকিব।
এই সময়ছোৱাত জনসাধাৰণ আৰু বাহনৰ চলাচল সীমাবদ্ধ কৰা হ’ব। কিন্তু চিকিৎসাজনিত জৰুৰীকালীন পৰিস্থিতিত ভূটানৰ পৰা ভাৰতলৈ আহিবলগীয়া ব্যক্তি; ইতিমধ্যে বৈধ নথি-পত্ৰ প্ৰদৰ্শন কৰি ভুটানত প্ৰৱেশ কৰা ভাৰতীয় নাগৰিক বা বিদেশী পৰ্যটক; বৈধ ভ্ৰমণ নথি-পত্ৰসহ ভূটানলৈ যাত্ৰা কৰিব খোজা পৰ্যটক; সীমান্ত চেকপ’ষ্টত পৰীক্ষাৰ পিছত সোনকালে নষ্ট হ'ব পৰা অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা বাহন; লগতে ৪৩-তামুলপুৰ (অনুসূচিত জনজাতি) আৰু ৪৪-গোৰেশ্বৰ বিধানসভা সমষ্টিৰ ভোটাৰসকলে যথাযথ আৰু বৈধ নথিপত্ৰ প্ৰদৰ্শন কৰি নিৰ্বাচনী সময়ছোৱাত জিলাত প্ৰৱেশ কৰিব পাৰিব। জিলা প্ৰশাসনে সংশ্লিষ্ট সকলো বিভাগ, সুৰক্ষা সংস্থা আৰু সাধাৰণ জনতাক এই নিৰ্দেশনা কঠোৰভাৱে মানি চলিবলৈ আহ্বান জনাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ