মৰিগাঁও জিলা কংগ্ৰেছৰ সভাপতি বীৰ কুমাৰ কোঁৱৰে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান
মৰিগাঁও, ০৬ এপ্ৰিল (হি.স.)। কংগ্ৰেছ দলত চলে ৰকিবুল হুছেইনৰ একনায়কত্ববাদ ৷ লবী কেন্দ্ৰীক ৰাজনীতিৰ বাবেই কংগ্ৰেছ দলৰ নেতৃত্বই দলটোক নিঃশেষ কৰিছে ৷ তিৱা জনগোষ্ঠীক প্ৰতাৰণা কৰিছে কংগ্ৰেছ দলে ৷ কাম কৰিবলৈ পৰিৱেশ নাই কংগ্ৰেছ দলত ৷ এই বিস্ফোৰক অভিযোগ সদ্য
মৰিগাঁও জিলা কংগ্ৰেছৰ সভাপতি বীৰ কুমাৰ কোঁৱৰে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান


মৰিগাঁও, ০৬ এপ্ৰিল (হি.স.)। কংগ্ৰেছ দলত চলে ৰকিবুল হুছেইনৰ একনায়কত্ববাদ ৷ লবী কেন্দ্ৰীক ৰাজনীতিৰ বাবেই কংগ্ৰেছ দলৰ নেতৃত্বই দলটোক নিঃশেষ কৰিছে ৷ তিৱা জনগোষ্ঠীক প্ৰতাৰণা কৰিছে কংগ্ৰেছ দলে ৷ কাম কৰিবলৈ পৰিৱেশ নাই কংগ্ৰেছ দলত ৷ এই বিস্ফোৰক অভিযোগ সদ্য কংগ্ৰেছ ত্যাগি বীৰ কুমাৰ কোঁৱৰৰ ৷

মৰিগাঁও কংগ্ৰেছত মোক্ষম আঘাত হানি জিলা কংগ্ৰেছৰ সভাপতিৰ লগতে কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্যপদ ত্যাগ বীৰ কুমাৰ কোঁৱৰৰ ৷ কংগ্ৰেছ ত্যাগ কৰি আজি গুৱাহাটীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বিজেপিত যোগদান কৰে বীৰ কুমাৰ কোঁৱৰে ৷ বিজেপিত যোগদান কৰি জাগীৰোডত সংবাদমেল সম্বোধন সদ্য কংগ্ৰেছ ত্যাগি জিলা সভাপতিৰ ৷ কংগ্ৰেছৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য বীৰ কুমাৰ কোঁৱৰৰ ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande