
নতুন দিল্লী, ০৬ এপ্ৰিল (হি.স.)। পশ্চিম বংগ, তামিলনাডু, কেৰালা, অসম, কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰী ৫খন ৰাজ্যত বিধানসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টিয়ে তীব্ৰ প্ৰচাৰ চলাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকে ধৰি বিজেপিৰ শীৰ্ষ প্ৰচাৰকসকলে দিনে নিশাই কাম কৰি আছে। আজি অসমত ৰাজহুৱা সভাত ভাষণ দিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় মন্ত্ৰী জে পি নড্ডাই। ইফালে কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে কেৰালা আৰু পুডুচেৰীতো প্ৰচাৰ চলাব।
বিজেপিয়ে এক্স হেণ্ডেলত শ্বেয়াৰ কৰিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৰপেটাত পুৱা ১১:০০ বজাত, হোজাইত ১:১৫ বজাত আৰু ডিব্ৰুগড়ত বিয়লি ৪:০০ বজাত ৰাজহুৱা সভাত ভাষণ দিব। একেদৰে আজি অসমত প্ৰচাৰ চলাব জে পি নড্ডাই। তেওঁ দিনৰ ১২ বজাত তিনিচুকীয়া আৰু দুপৰীয়া ২:০০ বজাত লখিমপুৰত ৰাজহুৱা সভাত ভাষণ দি ৰাইজৰ সমৰ্থন বিচাৰিব।
আনহাতে বিজেপি প্ৰতিষ্ঠা দিৱসত আজি পুৱা ১০ বজাত কেৰালাৰ তিৰুৱনন্তপুৰমত দলীয় কৰ্মীসকলক সম্বোধন কৰিব দলীয় নেতা অমিত শ্বাহে। তাৰ পৰাই তেওঁ নিৰ্বাচনী প্ৰচাৰৰ বাবে পুডুচেৰীলৈ যাত্ৰা কৰিব। তেওঁ পুডুচেৰীত ৰোড শ্ব’ অনুষ্ঠিত কৰিব।
উল্লেখ্য যে পশ্চিম বংগৰ ২৯৪খন আসনৰ বাবে দুটা পৰ্যায়ত (২৩ আৰু ২৯ এপ্ৰিলত), ২৩ এপ্ৰিলত তামিলনাডুৰ ২৩৪খন আসনৰ বাবে, ৯ এপ্ৰিলত কেৰালাত ১৪০খন আসনৰ বাবে, ৯ এপ্ৰিলত অসমৰ ১২৬খন আসনৰ বাবে আৰু ৯ এপ্ৰিলত পুডুচেৰীৰ ৩০খন আসনৰ বাবে ভোটদান অনুষ্ঠিত হ’ব।
এই সকলোবোৰৰ নিৰ্বাচনী ফলাফল অহা ৪ মে’ত ঘোষণা কৰা হ’ব।
हिन्दुस्थान समाचार / অৰৱিন্দ