
তিনিচুকিয়া, ০৬ এপ্ৰিল (হি.স.)। মাৰ্ঘেৰিটাত ঝাৰখণ্ড মুক্তি মৰ্চাৰ প্ৰচাৰ তুংগত, অমৃত গাওঁত প্ৰাৰ্থী জাৰ্ণেল মিঞ্জৰ নিৰ্বাচনী প্ৰচাৰ সভা।
৭ এপ্ৰিল তাৰিখে ৰাজনৈতিক দলসমুহৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিমটো দিন। ইয়াৰ মাজতেই নানান দলসমূহে নিৰ্বাচনী প্ৰচাৰ,ৰেলী আৰু সভা অব্যাহত ৰাখিছে। আজি ৮৩ নং মাৰ্ঘেৰিটা সমষ্টিৰ ঝাৰখণ্ড মুক্তি মৰ্চাৰ মনোনীত আৰু জয় ভাৰত পাৰ্টীৰ সমৰ্থিত প্ৰাৰ্থী জাৰ্ণেল মিঞ্জক কুমচাই পঞ্চায়তৰ অন্তৰ্গত অমৃত গাওঁ আৰু বিছাগাওঁ ৰাইজে সন্মিলিত ভাৱে এক সভাৰ আয়োজন কৰে।
নিৰ্বাচনী সভাত জাৰ্ণেল মিঞ্জ ভাষণত কয় যে কুমচাই পঞ্চায়তৰ অন্তৰ্গত সমুহ ৰাইজে বাৰপাচি সমস্যাত বছৰ বছৰ ধৰি ভুগিছে। জাৰ্ণেল মিঞ্জক যদি ৰাইজে ভোট দি দিচপুৰলৈ যোৱাৰ বাট মুকলি কৰে তেন্তে ৮৩ নং মাৰ্ঘেৰিটা সমষ্টিৰ কেইবাটাও উন্নয়নমুলক কাম কৰিব। অমৃত গাওঁ বাসীৰ জ্বলন্ত আৰু মুল সমস্যা হৈছে বান গৰাখহনীয়া আৰু এইখন স্থায়ী বাবে প্ৰতিৰোধ কৰাৰ ব্যবস্থা কৰিব।
জনজাতিকৰণৰ ক্ষেত্ৰত মাত মাতি আদিবাসী ৰাইজক জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰিব। পাটকাই সমন্বয় ক্ষেত্ৰত পুনৰ্জীৱিত কৰি পাটকাই উৎসৱ পতাৰ ব্যৱস্থা কৰিব, বিশ্বযুদ্ধৰ সময়ত ব্যৱহাৰ কৰা লিডুৰ এয়াৰ স্ট্ৰীপক নতুনকৈ বিমানবন্দৰ নিৰ্মাণ কৰিব,কল, কৰখানা আৰু উদ্যোগ নিৰ্মাণ কৰিব লগতে মাৰ্ঘেৰিটাত ড্ৰাগছ আৰু অন্যান্য অপৰাধ জনিত কাৰ্যকলাপ বিৰুদ্ধে কঠোৰতম ব্যবস্থা গ্ৰহন কৰিব।
ৰাষ্ট্ৰীয় সাংবাদ মাধ্যমত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নীৰ নামত ৫২,০০০ হাজাৰ কোটি টকাৰ অবৈধ সম্পত্তিৰ লগতে তিনিখন পাৰপত্ৰ ৰখাৰ বাবে কেন্দ্ৰ গৃহমন্ত্ৰীক তৎকালিন বাবে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কঠোৰ ব্যবস্থা লবলৈ আহ্বান জনাই।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু