
হোজাই, ০৬ এপ্ৰিল (হি.স.)। ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে ইয়াত নিৰ্বাচনী সভাত ভাষণ দি কংগ্ৰেছক “মিছা আৰু দুৰ্নীতিৰ দোকান” বুলি অভিহিত কৰি দলটো সম্পূৰ্ণৰূপে বংশবাদী ৰাজনীতিত জড়িত আৰু জনসাধাৰণৰ স্বাৰ্থৰ প্ৰতি কোনো চিন্তা নাই বুলি অভিযোগ কৰে।
অসমৰ হোজাইত অনুষ্ঠিত এক ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰীয়ে কয় যে কংগ্ৰেছৰ পৰিয়ালবাদৰ বাহিৰে আন কোনো শক্তি নাই আৰু কেৱল মিছা আৰু দুৰ্নীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। তেওঁ কয় যে দিল্লীৰ ৰাজ পৰিয়াল হাজাৰ হাজাৰ কোটি টকাৰ দুৰ্নীতিৰ গোচৰৰ সন্মুখীন হৈছে আৰু জামিনত বাহিৰত আছে। মোদীয়ে কয় যে কংগ্ৰেছে কেৱল দুটা পৰিয়ালৰ ভৱিষ্যত সুৰক্ষিত কৰাত মনোনিৱেশ কৰিছে—এটা দিল্লীত আৰু আনটো অসমত।
তেওঁ কয় যে ইয়াৰ বিপৰীতে বিজেপি আৰু এন ডি এৰ ডাবল ইঞ্জিন চৰকাৰে অসমৰ প্ৰতিখন জিলা আৰু প্ৰতিটো পৰিয়ালৰ উন্নয়নৰ বাবে কাম কৰি আছে। মোদীয়ে কয় যে বিজেপিৰ বাবে সবকা সাথ, সবকা বিকাশ কেৱল শ্লোগান নহয়, বৰঞ্চ শাসন ব্যৱস্থাৰ অগ্ৰাধিকাৰ।
অসমত কৰা উন্নয়নমূলক কামৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কংগ্ৰেছৰ ক্ষমতাত থকাৰ সময়ত ৰাজ্যখনৰ পথ-ৰে’লৰ দৰে আন্তঃগাঁথনিৰ অৱস্থা অতি দুৰ্বল আছিল। তেওঁ দাবী কৰে যে সেই সময়ত অসম বিদ্যুতৰ বাবে অন্য ৰাজ্যৰ ওপৰত নিৰ্ভৰশীল আছিল আৰু প্ৰায়ে বিদ্যুৎ সংকটৰ সন্মুখীন হৈছিল। কিন্তু বিগত দশকত পৰিস্থিতি সম্পূর্ণৰূপে পৰিৱর্তিত হোৱাৰ লগতে শক্তি খণ্ডত অসম এতিয়া আত্মনির্ভৰশীল হৈ পৰিছে ৷
মোদীয়ে কয় যে বিগত ১০-১১ বছৰত দীৰ্ঘদিন ধৰি সংযোগৰ বাবে অপেক্ষা কৰি থকা লাখ লাখ ঘৰলৈ বিদ্যুৎ যোগান ধৰা হৈছে। শেহতীয়াকৈ পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাত নিম্ন কোপিলী জলবিদ্যুৎ প্ৰকল্প উদ্বোধনৰ কথা উল্লেখ কৰি কয় যে ইয়াৰ দ্বাৰা ৰাজ্যখনে প্ৰতি বছৰে প্ৰায় ৪৫ কোটি ইউনিট অতিৰিক্ত বিদ্যুৎ যোগান ধৰিব।
বিশ্বৰ পৰিস্থিতি আৰু পশ্চিম এছিয়াত চলি থকা সংকটৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই পৰিস্থিতিয়ে সমগ্ৰ বিশ্বকে প্ৰভাৱিত কৰিছে, কিন্তু ভাৰত চৰকাৰে নিশ্চিত কৰিছে যে এই বোজা দৰিদ্ৰ, মধ্যবিত্ত শ্ৰেণী, আৰু কৃষকৰ ওপৰত নপৰে। এয়াই আগতে চৰকাৰৰ অগ্ৰাধিকাৰ আছিল আৰু আজিও একেই আছে।
ইন্ধনৰ মূল্যৰ বিষয় সন্দৰ্ভত মোদীয়ে কয় যে এনে বৃহৎ বিশ্ব সংকটৰ মাজতো দেশত পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি হ’বলৈ দিয়া হোৱা নাই। তেওঁ অভিযোগ কৰে যে, ইয়াৰ বিপৰীতে কংগ্ৰেছ শাসিত ৰাজ্য বিশেষকৈ হিমাচল প্ৰদেশত চৰকাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি কৰি সাধাৰণ জনতাক বোজা জাপি দিছে।
প্ৰধানমন্ত্ৰীয়ে পি এম সূৰ্য্য ঘৰ বিনামূলীয়া যোজনাৰ কথা উল্লেখ কৰি কয় যে এই আঁচনিৰ অধীনত সৌৰ পেনেল স্থাপনৰ বাবে ৭০ হাজাৰৰ পৰা ৮০ হাজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে। অসমৰ লাখ লাখ পৰিয়ালে এই আঁচনিখনত যোগদান কৰিছে আৰু তেওঁলোকৰ বিদ্যুতৰ বিল শূন্য হৈ পৰিছে।
অনুপ্ৰৱেশৰ বিষয়টো সন্দৰ্ভত মোদীয়ে কয় যে এই সমস্যা অসমৰ পৰিচয়, জীৱিকা আৰু নিৰাপত্তাৰ সৈতে জড়িত। তেওঁ কয় যে বিজেপি-এনডিএ চৰকাৰে ৰাজ্যখনক জনসংখ্যাৰ ভাৰসাম্যহীনতাৰ পৰা ৰক্ষা কৰিবলৈ কাম কৰি আছে আৰু প্ৰতিটো ভোটে ৰাজ্যখনৰ নিৰাপত্তা সুদৃঢ় কৰিব।
মহিলাৰ অংশগ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে একবিংশ শতিকাৰ ভাৰত গঢ়াৰ বাবে সংসদ আৰু বিধানসভাত মহিলাৰ পৰ্যাপ্ত প্ৰতিনিধিত্ব অতি প্ৰয়োজনীয়। ইয়াৰ বাবে মহিলাৰ বাবে ৩৩ শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰা আইন প্ৰৱৰ্তন কৰা হৈছে।
একেৰাহে তৃতীয়বাৰৰ বাবে বিজেপিক সমৰ্থন কৰিবলৈ অসমবাসীক আহ্বান জনাই মোদীয়ে কয় যে লাখপতি দিদিৰ দৰে আঁচনি সম্প্ৰসাৰণ কৰা হ’ব আৰু ৰাজ্যখনৰ উন্নয়নৰ গতি আৰু অধিক ত্বৰান্বিত কৰা হ’ব।
हिन्दुस्थान समाचार / অৰৱিন্দ