
তিনিচুকীয়া, ০৬ এপ্ৰিল (হি.স.)। লিডুত আৰক্ষীৰ ফ্লেগ মাৰ্চঃ নিৰ্ভয় আৰু স্বচ্ছ নিৰ্বাচনৰ বাৰ্তা। আসন্ন অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে সমগ্ৰ অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা জোৰদাৰ কৰি তুলিছে জিলা প্ৰশাসন আৰু আৰক্ষীয়ে।
নিকা,শান্তিপূৰ্ণ আৰু স্বচ্ছ নিৰ্বাচন অনুষ্ঠিত কৰাৰ লক্ষ্যৰে লিডুত এক ব্যাপক ৰ'ড মাৰ্চ আয়োজন কৰা হয়। লিডু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰোশন থাপাৰ নেতৃত্বত আজি দুপৰীয়া অনুষ্ঠিত হৈ ৰ'ড মাৰ্চত যত লিডু আৰক্ষী লগতে আটিবিপি আৰু চি আৰ পি এফৰ জোৱানসকলেও সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।
বিভিন্ন পথ পৰিভ্ৰমণ কৰি এই ৰ'ড মাৰ্চৰ জৰিয়তে সাধাৰণ জনতাৰ মাজত সজাগতা সৃষ্টি কৰাৰ চেষ্টা কৰা হয়। আৰক্ষীয়ে এই ৰ'ড মাৰ্চৰ জৰিয়তে স্পষ্টকৈ জনায় যে নিৰ্বাচনৰ সময়ত আইন- শৃংখলা ৰক্ষা কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ অৱহেলা সহ্য কৰা নহ’ব।
লগতে ভোটাৰসকলক কোনো ভয়-শংকা নোহোৱাকৈ নিজ নিজ গণতান্ত্ৰিক অধিকাৰ প্ৰয়োগ কৰি ভোটদান কৰিবলৈ আহ্বান জনোৱা হয়।
ইয়াৰ লগতে নিৰ্বাচনৰ সময়ছোৱাত কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা যাতে নঘটে তাৰ বাবে আৰক্ষীয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে।
এই পদক্ষেপসমূহে সাধাৰণ ৰাইজৰ মাজত আস্থা বৃদ্ধি কৰাৰ লগতে এক শান্তিপূৰ্ণ নিৰ্বাচনৰ বাবে অনুকূল পৰিৱেশ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু