
বৰপেটা, ০৬এপ্ৰিল (হি.স.)। এ আই ইউ ডি এফৰ বিশাল নিৰ্বাচনী জনসভাত বদৰউদ্দিন আজমলৰ মনোৰঞ্জনমূলক ভাষণ। বদৰউদ্দিন আজমলৰ ভাষণে হাঁহিৰ খোৰাক দিয়ে ৰাইজক। মইনবৰীত অনুষ্ঠিত হোৱা এ আই ইউ ডি এফৰ নিৰ্বাচনী সভাত বিজেপিক তীব্ৰ সমালোচনা আজমলৰ।
মন্দিয়া সমষ্টিৰ মইনবৰীত এ আই ইউ ডি এফৰ বিশাল নিৰ্বাচনী জনসভা। সভাত মৌলানা বদৰুদ্দিন আজমলৰ মনোৰঞ্জনমূলক ভাষণ। আজমলৰ ভাষণে হাহিৰ খোৰাক দিয়ে ৰাইজক। বিজেপি আউট হ'ব বুলি কটাক্ষ। এইবাৰ বিধানসভাত এ আই ইউ ডি এফৰ প্ৰাৰ্থী ডঃ হাফিজ ৰফিকুল ইছলাম, বদৰুদ্দিন আজমল আদি কৰি আটাইকেইজন প্ৰাৰ্থী জয়যুক্ত হৈ বিধানসভাত গৈ এটা ডিসুম মাৰি সব আউট কৰি দিব বুলি মন্তব্য কৰে।
তেওঁ কয় হিমন্ত বিশ্ব আউট, মন্দিয়াৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেক আৰু তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী শ্বেৰমান আলী আউট বুলি কটাক্ষ কৰি ভাষণ দিয়ে। তেওঁ কেইবাটাও মনোৰঞ্জনমূলক শ্লোগানেৰে ৰাইজক আমোদ দিয়ে। সভাত প্ৰাক্তন বিধায়ক আদিত্য লাংথাচায়ো ভাষণ প্ৰদান কৰে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু