বিহাৰৰ নালন্দাত এনআইএ-এটিএছৰ যুটীয়া অভিযান
পাটনা, ০৬ এপ্ৰিল (হি.স.)। বিহাৰৰ নালন্দা জিলাৰ লাহেৰী থানা এলেকাৰ অন্তৰ্গত লহেৰী মহল্লাত সোমবাৰে পুৱা ৪ বজাত ৰাষ্ট্ৰীয় তদন্ত সংস্থা আৰু সন্ত্ৰাসবাদ বিৰোধী দলৰ দলে বন্দুকৰ দোকান আৰু গহনা বিপণীকে ধৰি ১০টা স্থানত অভিযান চলায়। এতিয়াও অব্যাহত আছে এই
नालंदा के लहेरी बाजार स्थित ज्वेलरी की दुकान जहां एनआईए-एटीएस कर रही छापेमारी


পাটনা, ০৬ এপ্ৰিল (হি.স.)। বিহাৰৰ নালন্দা জিলাৰ লাহেৰী থানা এলেকাৰ অন্তৰ্গত লহেৰী মহল্লাত সোমবাৰে পুৱা ৪ বজাত ৰাষ্ট্ৰীয় তদন্ত সংস্থা আৰু সন্ত্ৰাসবাদ বিৰোধী দলৰ দলে বন্দুকৰ দোকান আৰু গহনা বিপণীকে ধৰি ১০টা স্থানত অভিযান চলায়। এতিয়াও অব্যাহত আছে এই অভিযান।

খবৰ অনুসৰি, অস্ত্ৰ সৰবৰাহকাৰী চক্ৰৰ নেটৱৰ্ক উন্মোচনৰ বাবে অভিযান চলাইছে। জিলাখনৰ পি কে গান হাউচকে ধৰি কেইবাটাও স্থানত অভিযান চলোৱা হৈছে। দোকানৰ ভিতৰত মজুত থকা অস্ত্ৰ-শস্ত্ৰৰ সংখ্যা আৰু ষ্টক মিলাই থকা হৈছে।

তদন্তকাৰী দলটোৱে লহেৰী থানা এলেকাত থকা ৰামপ্ৰৱেশ কুমাৰৰ পি কে গান হাউচ, চিক্সাউৰা থানা এলেকাৰ মিৰ্জাপুৰ গাঁও, হিলছা থানা এলেকাৰ ৰামমূৰ্তি নগৰত একেলগে অভিযান চলাই আছে। এই অভিযানত প্ৰায় ১০০ জন আৰক্ষী বিষয়া জড়িত হৈ আছে। কিন্তু নিৰাপত্তাজনিত কাৰণত স্থানীয় থানাক আগতীয়াকৈ এই অভিযানৰ বিষয়ে অৱগত কৰা হোৱা নাছিল।

এই সমগ্ৰ অভিযান সন্দৰ্ভত এতিয়াও কোনো চৰকাৰী তথ্য প্ৰকাশ কৰা হোৱা নাই, আৰু বিষয়াসকলে কোনো মন্তব্য কৰাৰ পৰা বিৰত আছে।

লাহেৰী থানাৰ মুৰব্বী ৰঞ্জিত কুমাৰ ৰজকে কয় যে তেওঁ জ্যেষ্ঠ বিষয়াৰ পৰা এখন পত্ৰ লাভ কৰিছিল, যাৰ ভিত্তিত তেওঁৰ থানাৰ দুজন আৰক্ষী বিষয়াক এই অভিযানত অন্তৰ্ভুক্ত কৰা হৈছে। কাৰ নেতৃত্বত বা কি কাৰণত অভিযান চলোৱা হৈছে সেই কথাও তেওঁক জনোৱা হোৱা নাই বুলিও তেওঁ উল্লেখ কৰে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande