
তামুলপুৰ, ০৬ এপ্ৰিল (হি.স.)। সমাগত বিধান সভা নিৰ্বাচনলৈ মাজত মাথো দুটা দিন বাকী থকা অৱস্থাত ৪৩ নং তামুলপুৰ বিধান সভা সমষ্টিত ইটো দলৰ পৰা সিটো দলত যোগদান কৰা কাৰ্যই ৰণনীতি মহলত এক নিমিলা অংকই দেখা দিছে সমষ্টিটোত। নিশা বাগানপাৰা বিপিএফত প্ৰায় ৮০ গৰাকী বিভিন্ন দলৰ পৰা অহা পুৰুষ মহিলাই যোগদান কৰে।
তামুলপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত বাগানপাৰা পৰিষদীয় সমষ্টিত দল বাগৰা ৰাজনীতিৰ প্ৰকোপ দিনে বৃদ্ধি পাবলৈ ধৰিছে। কালি নিশা বাগানপাৰা বিপিএফ কাৰ্যালয়ত বিভিন্ন দলৰ পৰা অহা প্ৰায় আশী গৰাকী পুৰুষ মহিলাই আনুষ্ঠানিক ভাবে বিপিএফত যোগদান কৰে। বিপিএফ দলৰ বাগানপাৰা পৰিষদীয় সমষ্টিৰ সভাপতি চতন কুমাৰ ৰামছিয়াৰীৰ সভাপতিত্বত অনুষ্ঠিত যোগদান সভাত দলীয় নীতি নিয়মেৰে একোখনকৈ গামোছাৰে সম্বৰ্ধনা জনায় বিভিন্ন দলৰ পৰা অহা প্ৰায় ৮০ গৰাকী লোকক বিপিএফ দলত অন্তৰ্ভুক্ত কৰা হয়।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা