
মৰিগাও, ০৬এপ্ৰিল (হি.স.)। কপিলী নৈত সন্ধানহীন জাগীৰোডৰ নখোলাৰ যুৱক । সন্ধানহীন যুৱকজনক ২৪ বৰ্ষীয় মনদ্বীপ ডেকা বুলি চিনাক্ত কৰা হৈছে। দেওবাৰে পুৱা কৰ্মসূত্ৰে ঘৰৰ পৰা ওলাই গৈ কাৰ্যালয়ৰ পৰা প্ৰায় এঘাৰ বজাত ওলাই আহিছিল যুৱক জন। মাতৃয়ে ফোনযোগে যোগাযোগ কৰিও পোৱা নাছিল কোনো সঁহাৰি। নিশা ঘৰলৈ উভতি নহা যুৱকজনৰ স্কুটী, ম'বাইল কপিলী নৈৰ বিসৰ্জন ঘাটৰ সমীপত স্থানীয় লোকে সোমবাৰে পুৱা প্ৰত্যক্ষ কৰি আৰক্ষী আৰু পৰিয়ালৰ লোকক খবৰ দিয়ে।
আৰক্ষীয়ে নৈত সন্ধানহীন হোৱাৰ সন্দেহ কৰি ইতিমধ্যে এনডিআৰএফৰ সহায়ত উদ্ধাৰ অভিযান আৰম্ভ কৰিছে যদিও এই পৰ্যন্ত সন্ধান নাই যুৱকজনৰ। পৰিয়ালৰ লোকে কোনো বিশেষ কাৰণ সদৰি কৰা নাই যদিও সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ অনুসন্ধান অব্যাহত। এয়া আত্মহত্যা নে আন কিবা সেয়া তনন্তৰ অন্ততহে পোহৰলৈ আহিব।
হিন্দুস্থান সমাচাৰ / Narayan Kar