ইৰাণে নাকচ কৰিলে আমেৰিকাৰ সতৰ্কবাণী, কয়- মুকলি নহয় হৰমুজ জলদ্বীপ
তেহৰাণ, ০৬ এপ্ৰিল (হি.স.)। যুদ্ধবিধ্বস্ত মধ্যপ্ৰাচ্যৰ আকাশখন আশংকাৰে ডাৱৰীয়া হৈ পৰিছে। মঙলবাৰৰ ভিতৰত হৰমুজ জলদ্বীপ পুনৰ মুকলি কৰাৰ সময়সীমা নিৰ্ধাৰণ কৰিবলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দিয়া সতৰ্কবাণীক ইৰাণে দৃঢ়তাৰে নাকচ কৰিছে। তেহৰানে এই
होर्मुज जलडमरूमध्य के आसमान पर अशांति के बादल हैं। फोटो - इंटरनेट मीडिया


তেহৰাণ, ০৬ এপ্ৰিল (হি.স.)। যুদ্ধবিধ্বস্ত মধ্যপ্ৰাচ্যৰ আকাশখন আশংকাৰে ডাৱৰীয়া হৈ পৰিছে। মঙলবাৰৰ ভিতৰত হৰমুজ জলদ্বীপ পুনৰ মুকলি কৰাৰ সময়সীমা নিৰ্ধাৰণ কৰিবলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দিয়া সতৰ্কবাণীক ইৰাণে দৃঢ়তাৰে নাকচ কৰিছে। তেহৰানে এই আলটিমেটাম নাকচ কৰি ট্ৰাম্পক “অসহায়” আৰু “আতংকিত” বুলি অভিহিত কৰে। ইৰাণে ঘোষণা কৰে যে তেওঁলোকে এই ভাবুকিৰ প্ৰতি কোনো গুৰুত্ব নিদিয়ে। হৰমুজ খোলা নহ'ব। যিকোনো ব্যক্তিয়ে যি বিচাৰে তাকে কৰিবলৈ দিয়ক।

আল জাজিৰাৰ এক প্ৰতিবেদন অনুসৰি ইৰাণৰ কেন্দ্ৰীয় সামৰিক কমাণ্ডে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ভাবুকি স্পষ্টভাৱে নাকচ কৰিছে। ৪৮ ঘণ্টাৰ ভিতৰত ইৰাণে শান্তি চুক্তি মানি নল’লে দেশখনৰ অতি গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি ধ্বংস কৰাৰ হুংকাৰ দিছিল ট্ৰাম্পে। ট্ৰাম্পে সকীয়াই দিছিল যে যদিহে হৰমুজ জলদ্বীপ পুনৰ মুকলি কৰা নহয় তেন্তে ইৰাণে বিপৰ্যয়ৰ সন্মুখীন হ’ব।

ইৰাণৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ইছমাইল বাঘাইয়ে কয় যে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ ভাবুকিৰ বাবে ইৰাণৰ জনসাধাৰণ একেবাৰেই বিৰক্ত নহয়। মুখপাত্ৰগৰাকীয়ে কয় যে ইৰাণীসকলৰ হাতত নিজৰ ৰক্ষাৰ বাবে প্ৰয়োজনীয় সকলো বস্তু আছে। তেওঁ লগতে কয় যে ইৰাণে এই যুদ্ধৰ প্ৰথম দিনাৰ পৰাই প্ৰমাণ কৰি দেখুৱাইছে যে ইৰাণে যি প্ৰতিশ্ৰুতি দিয়ে সেয়া প্ৰদান কৰে। অৰ্থাৎ দেশৰ অসামৰিক আন্তঃগাঁথনি (বিশেষকৈ বিদ্যুৎ কেন্দ্ৰ) আক্ৰমণ কৰিলে শত্ৰুৰ সন্মুখত উপযুক্ত উত্তৰ পোৱা যাব।

চেনেলটোৰ মতে ইজৰাইল আৰু আমেৰিকাই ইৰাণৰ অসামৰিক আন্তঃগাঁথনি আৰু পেট্ৰ’কেমিকেল প্লাণ্টত অহৰহ আক্ৰমণ চলাই আছে। এই আক্ৰমণত কমেও ৫ জন লোকৰ মৃত্যু হৈছে। বুশ্বেহৰ পাৰমাণৱিক স্থানত সংঘটিত আক্ৰমণত এজন লোক নিহত হয়।

ইফালে ইৰাণৰ প্ৰয়াত মেজৰ জেনেৰেল কাছেম ছলেমানীৰ ভতিজী আৰু কন্যাক গ্ৰেপ্তাৰ কৰি তেওঁলোকৰ স্থায়ী নাগৰিকত্ব বাতিল কৰা বুলি আমেৰিকাই সদৰি কৰিছে। অৱশ্যে এক বিবৃতিত কন্যা দুগৰাকীয়ে কয় যে আমেৰিকাত গ্ৰেপ্তাৰ হোৱা মহিলা দুগৰাকীৰ সৈতে তেওঁলোকৰ কোনো সম্পৰ্ক নাই।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande