ইন্দোৰত বৰযাত্ৰীৰ গাড়ীত ট্ৰাকৰ খুন্দা, চাৰিজন যুৱকৰ মৃত্যু
ইন্দোৰ, ০৬ এপ্ৰিল (হি.স.)। মধ্যপ্ৰদেশৰ ইন্দোৰত দেওবাৰে গভীৰ নিশা কইনাৰ সৈতে উভতি অহা বৰযাত্ৰী কঢ়িয়াই অনা গাড়ী (কুৱালিছ) এখনক ট্ৰাকে পিছফালৰ পৰা তীব্ৰ জোৰেৰে খুন্দা মাৰে। দেৱগুৰদিয়া পথত সংঘটিত হোৱা এই দুৰ্ঘটনাত চাৰিজন যুৱক নিহত হোৱাৰ লগতে ৫জন গ
बारात से लौट रही कार को ट्रक ने मारी टक्कर


ইন্দোৰ, ০৬ এপ্ৰিল (হি.স.)। মধ্যপ্ৰদেশৰ ইন্দোৰত দেওবাৰে গভীৰ নিশা কইনাৰ সৈতে উভতি অহা বৰযাত্ৰী কঢ়িয়াই অনা গাড়ী (কুৱালিছ) এখনক ট্ৰাকে পিছফালৰ পৰা তীব্ৰ জোৰেৰে খুন্দা মাৰে। দেৱগুৰদিয়া পথত সংঘটিত হোৱা এই দুৰ্ঘটনাত চাৰিজন যুৱক নিহত হোৱাৰ লগতে ৫জন গুৰুতৰভাৱে আহত হয়।

আৰক্ষীয়ে জনোৱা মতে, অষ্টাত বিবাহ অনুষ্ঠানৰ অন্তত ইন্দোৰলৈ উভতি আহিছিল ১১ জন লোকক লৈ যোৱা গাড়ীখন। দেওবাৰে পুৱা প্ৰায় ২:৩০ বজাত দেৱগুৰাদিয়াৰ ট্ৰেঞ্চিং গ্ৰাউণ্ডৰ সমীপত হঠাতে ব্ৰেক লগাই পিছফালৰ পৰা অহা এখন ট্ৰাকে খুন্দা মাৰে। ইয়াৰ প্ৰভাৱ ইমানেই ভয়াৱহ হৈ পৰে যে গাড়ীখনৰ যথেষ্ট ক্ষতিসাধন হয়। ইৰফান (২৪), আৰিছ (২০) আৰু ফাৰহান (১৯)ৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে আৰ্ফাদ (২৩)ৰ আঘাতত মৃত্যু হয়। আন ৫জন গুৰুতৰভাৱে আহত আৰু চিকিৎসাধীন হৈ আছে।

স্থানীয় লোক আৰু পৰিয়ালৰ লোকে জনোৱা মতে, ট্ৰাকখন খেৰ ভৰ্তি আছিল আৰু তীব্ৰ বেগত চলি আছিল। অভাৰটেক কৰাৰ সময়ত হঠাতে ব্ৰেক লগোৱাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা। আৰক্ষীয়ে সকলো দিশৰ তদন্ত অব্যাহত ৰাখিছে।

ঘটনাস্থলীত বিশৃংখলতা, স্হানীয় লোকৰ সহায়

দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে দুৰ্ঘটনা গ্ৰস্ত লোক সকলৰ আৰ্তনাদ শুনি স্থানীয় লোকসকল ওলাই আহে। লগে লগে ওচৰৰ মানুহে সাহায্যৰ কাম আৰম্ভ কৰি আহতসকলক চিকিৎসালয়লৈ লৈ যায়। আটাইকেইজন আহত লোকক এম ৱাই হাস্পতালত চিকিৎসাধীন হৈ আছে। ঘটনাৰ পিছতে ক্ষুব্ধ পৰিয়ালৰ লোক আৰু স্থানীয় লোকে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। একাংশ লোকে ট্ৰাকখনত জুই লগাবলৈ চেষ্টা কৰাৰ ফলত ঘটনাস্থলীত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়। তথ্য লাভ কৰাৰ লগে লগে খুদাইল আৰক্ষী থানাই ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। বুজাই-বঢ়াই পুনৰ যাতায়তৰ ব্যৱস্থা কৰা হয়। এ এছ পি ৰূপেশ দ্বিবেদীয়ে উল্লেখ কৰে যে ট্ৰাক চালকজনক সোধা-পোছা কৰি বিতং তদন্ত অব্যাহত আছে। আহতসকলক চিকিৎসাৰ বাবে এম ৱাই হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

শোকত ভাগি পৰিছে বহু পৰিয়াল, অঞ্চলটোত শোকৰ লহৰ

জানিব পৰা মতে, আটাইকেইজন লোক একে অঞ্চলৰ বাসিন্দা আছিল আৰু বিবাহ সম্পন্ন কৰি অষ্টাৰ পৰা উভতি আহিছিল। এই দুৰ্ঘটনাই বহু পৰিয়ালৰ আনন্দ কাঢ়ি নিয়ে। সমগ্ৰ অঞ্চলটোত শোকৰ লহৰ বিয়পি পৰিছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande