আই পি এল ২০২৬: আৰ চি বিৰ চমকপ্ৰদ জয়, ডেভিদ-পাডিক্কাল-পাটিদাৰৰ ধুমুহাত উটিল চি এছ কে
বেংগালুৰু, ০৬ এপ্ৰিল (হি.স.)। আই পি এল ২০২৬ত চমৎকাৰ বেটিং আৰু সঠিক বলিঙৰ সহায়ত চেন্নাই ছুপাৰ কিংছ (চি এছ কে)ক ৪৩ ৰাণত পৰাস্ত কৰি ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু (আৰ চি বি)য়ে নিজৰ শক্তি প্ৰদৰ্শন কৰে। এম চিন্নাস্বামী ষ্টেডিয়ামত খেলা মেচখনত আৰ চি বিয়ে
आईपीएल 2026: आरसीबी की धमाकेदार जीत, डेविड-पडिक्कल-पाटीदार के तूफान में बहा सीएसके


বেংগালুৰু, ০৬ এপ্ৰিল (হি.স.)। আই পি এল ২০২৬ত চমৎকাৰ বেটিং আৰু সঠিক বলিঙৰ সহায়ত চেন্নাই ছুপাৰ কিংছ (চি এছ কে)ক ৪৩ ৰাণত পৰাস্ত কৰি ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু (আৰ চি বি)য়ে নিজৰ শক্তি প্ৰদৰ্শন কৰে।

এম চিন্নাস্বামী ষ্টেডিয়ামত খেলা মেচখনত আৰ চি বিয়ে প্ৰথমে বেটিং কৰি ২৫০/৩ ৰান সংগ্ৰহ কৰে, যিটো ছিজনৰ এতিয়ালৈকে তেওঁলোকৰ সৰ্বোচ্চ মুঠ। দলটোৰ হৈ টিম ডেভিদ (৭০*), ৰজত পাটিদাৰ (৪৮*), আৰু দেৱদত্ত পাদিক্কালে (৫০) বিস্ফোৰক ইনিংছ খেলিছিল।

পাদিক্কালে একেৰাহে দ্বিতীয়টো অৰ্ধশতক অৰ্জন কৰি ইনিংছৰ ভেটি স্থাপন কৰে। অন্তিম অভাৰত ডেভিদ আৰু পাটিদাৰে মাত্ৰ ৩৫টা বলত ৯৯ ৰানৰ অখণ্ড অংশীদাৰিত্ব গঠন কৰি মেচখন সম্পূৰ্ণৰূপে আৰচিবিৰ পক্ষত ঢাল খাইছিল। ডেভিদে বিপক্ষৰ বলাৰসকলক আক্ৰমণ কৰি ২১টা বলত অৰ্ধশতক অৰ্জন কৰে।

লক্ষ্যৰ খেদি খেদি চি এছ কেৰ আৰম্ভণি বেয়া হয়, অবিৰতভাৱে উইকেট হেৰুৱাইছিল। সৰফৰাজ খান (৫০) আৰু প্ৰশান্ত বীৰ (৪৩)ৰ মাজত সঁচাকৈয়ে যুঁজ হৈছিল। ইফালে জেমী অভাৰটনে ৩৭ ৰানৰ শক্তিশালী ইনিংছ খেলিলেও দলটোক জয়ৰ দিশত আগুৱাই নিব নোৱাৰিলে।

ভুৱনেশ্বৰ কুমাৰে বলিং বিভাগত উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই তিনিটা উইকেট দখল কৰি আই পি এলৰ ২০০ সংখ্যক উইকেট সম্পূৰ্ণ কৰে। জেকব ডাফী, অভিনন্দন সিং, আৰু ক্ৰুনাল পাণ্ডিয়াই দুটাকৈ উইকেট দখল কৰি দলৰ জয়ত যথেষ্ট অৰিহণা যোগাই চি এছ কেক ২০৭ ৰানত সীমাবদ্ধ কৰি ৰাখে।

এই জয়ৰ জৰিয়তে আৰ চি বিয়ে কেৱল মেচখন জয় কৰাই নহয় আই পি এলৰ ইতিহাসত প্ৰথমবাৰৰ বাবে চি এছ কেৰ বিৰুদ্ধে একেৰাহে চাৰিটা জয়ৰ অভিলেখ গঢ়িবলৈ সক্ষম হয়। এই প্ৰদৰ্শনে প্ৰমাণ কৰে যে ডিফেণ্ডিং চেম্পিয়নসকলে এই ছিজনত নিজৰ খিতাপ ৰক্ষা কৰিবলৈ সম্পূৰ্ণৰূপে সাজু।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande