সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনৰ বাসগৃহৰ চৌহদত গ্ৰেনেড উদ্ধাৰ
গোলাঘাট, ০৬ এপ্ৰিল(হি.স.)। গোলাঘাট জিলাৰ সৰুপথাৰ সমষ্টিৰ বিজেপি বিধায়ক বিশ্বজিৎ ফুকনৰ বাসগৃহৰ চৌহদত আজি পুৱাই এটা গ্ৰেনেড উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে । পুৱাই বিধায়ক গৰাকীৰ পুৰণি ঘৰৰ চৌহদত উদ্ধাৰ হয় গ্ৰেনেডটো । সৌভাগ্যক্ৰমে বিস্ফোৰি
সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনৰ বাসগৃহৰ চৌহদত গ্ৰেনেড উদ্ধাৰ


গোলাঘাট, ০৬ এপ্ৰিল(হি.স.)। গোলাঘাট জিলাৰ সৰুপথাৰ সমষ্টিৰ বিজেপি বিধায়ক বিশ্বজিৎ ফুকনৰ বাসগৃহৰ চৌহদত আজি পুৱাই এটা গ্ৰেনেড উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে । পুৱাই বিধায়ক গৰাকীৰ পুৰণি ঘৰৰ চৌহদত উদ্ধাৰ হয় গ্ৰেনেডটো । সৌভাগ্যক্ৰমে বিস্ফোৰিত হোৱা নাই গ্ৰেনেডটো । কিন্তু গ্ৰেনেডটোৰ পিন খোলা অৱস্থাত আছে ।

স্থানীয় ৰাইজে গ্ৰেনেডটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক । ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত । আৰক্ষী সন্দেহ কৰা অনুসৰি কোনো দুৰ্বিত্তই নিশাই অঞ্চলটোত এক উত্তেজনা সৃষ্টি কৰিবলৈ এইদৰে গ্ৰেনেড নিক্ষেপ কৰিব পাৰে বুলি সংবাদ মাধ্যমক অবগত কৰে।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande