
গুৱাহাটী, ০৬ (হি.স.)। আজি অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ সভাপতিত্বত ভাৰতীয় উদ্যোগ সন্থাৰ প্ৰতিনিধি দলৰ সৈতে মহানগৰীৰ লোকভৱনত এক উদ্যোগপতি সভা অনুষ্ঠিত হয়। বৈঠকত ৰাজ্যপালে অসমৰ ভৌগলিক অৱস্থান, উন্নত যোগাযোগ ব্য়ৱস্থা, নীতিগত সমৰ্থন, আৰু বিনিয়োগকাৰী অনুকূল পৰিৱেশক বিনিয়োগ অনুকূল পছন্দৰ গন্তব্যস্থান হিচাপে উল্লেখ কৰে। ৰাজ্যপাল গৰাকীয়ে চেমিকণ্ডাক্টৰৰ দৰে উদ্যোগকে ধৰি ৰাজ্যৰ আন্তঃগাঁথনি আৰু ঔদ্যোগিক উন্নয়ন ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ ভূমিকা সম্পৰ্কে অৱগত কৰে।
উদ্যোগপতী সকলক অসমৰ বিশাল সম্ভাৱনাক অন্বেষণ কৰিবলৈ আহ্বান জনাই ৰাজ্যপাল গৰাকীয়ে আশ্বাস প্ৰকাশ কৰে যে ৰাজ্য চৰকাৰে বহনক্ষম আৰু সৰ্বাংগীন অৰ্থনৈতিক বিকাশ নিশ্চিত কৰাৰ বাবে অনুকূল আৰু বিনিয়োগকাৰী অনুকূল পৰিৱেশ প্ৰদানৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে।
ৰাজ্যপাল গৰাকীয়ে উদ্যোগপতি সকলক অসমৰ উন্নয়নৰ সৈতে সক্ৰিয়ভাৱে জড়িত হ’বলৈ আহ্বান জনোৱাৰ লগতে স্বচ্ছ, ব্যৱসায়িক অনুকূল পৰিৱেশ নিশ্চিত কৰাৰ লগতে বহনক্ষম অৰ্থনৈতিক উন্নয়নৰ সুবিধা প্ৰদানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ সম্পূৰ্ণৰূপে দায়বদ্ধ বুলি আশ্বাস দিয়ে।
বিনিয়োগ আকৰ্ষণ আৰু বিভিন্ন খণ্ডত ৰাজ্যৰ সামৰ্থ প্ৰদৰ্শনৰ ক্ষেত্ৰত “এডভান্টেজ অসম-২.০”ৰ দৰে উল্লেখযোগ্য পদক্ষেপৰ ওপৰত ৰাজ্যপাল গৰাকীয়ে গুৰুত্ব আৰোপ কৰে। তেওঁ জোৰ দি কয় যে এম এছ এম ই খণ্ডটোত নিয়োগ সৃষ্টি আৰু সৰ্বাংগীন বৃদ্ধিৰ বাবে প্ৰাধান্য দিয়া হৈছে আৰু এই খণ্ডটোক অধিক শক্তিশালী কৰাৰ বাবে মনোনিৱেশ কৰা প্ৰচেষ্টাৰ আহ্বান জনায়।
ইয়াৰ পূৰ্বে অসমৰ উদ্যোগ আয়ুক্ত নৰেন্দ্ৰ শ্বাহে “অসম-ভাৰতৰ দ্ৰুতগতিত বৃদ্ধি পোৱা ৰাজ্য” বিষয়ক এক বিস্তৃত উপস্থাপন আগবঢ়ায় য’ত তেওঁ ৰাজ্য খনৰ প্ৰতিযোগিতামূলক সুবিধা, আন্তঃগাঁথনিৰ উন্নতি আৰু বিনিয়োগকাৰী অনুকূল পৰিৱেশ তন্ত্ৰৰ বিষয়ে বিশদভাৱে কয়। ভাৰতীয় উদ্যোগ সন্থাৰ ৰাষ্ট্ৰীয় সভাপতি দীনেশ গোৱেলেও বৈঠকত উপযুক্ত ভাষণ দিয়ে।
ৰাজ্য খনৰ দ্রুত অর্থনৈতিক পৰিৱর্তন আৰু ক্রমাৎ বৃদ্ধি পোৱা ঔদ্যোগিক সামর্থ্য প্রদর্শন কৰা “অসমত ঔদ্যোগিক পৰিস্থিতি” বিষয়ক এখন তথ্যচিত্ৰ প্রদর্শন কৰা হয়৷ ইয়াৰ পূৰ্বে অসমৰ ৰাজ্যপালৰ উপায়ুক্ত তথা সম্পাদক এছ এছ মীনাক্ষী সুন্দৰমে আদৰণি ভাষণ প্ৰদান কৰাৰ বিপৰীতে ৰাজ্যপালৰ পি পি এছ ড০ এছ এন ভৌমিকে ধন্যবাদ জ্ঞাপন কৰে।
বৈঠকত ফাৰ্ষ্ট লেডী কুমুদ দেৱীও উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ