কংগ্ৰেছ চৰকাৰ আহিলে হিমন্ত বিশ্ব শৰ্মাক জেলত ভৰাম বুলি ভাবুকি গৌৰৱ গগৈৰ
নগাঁও, ০৬এপ্ৰিল (হি.স.)। নগাঁওৰ ৰহাত অনুষ্ঠিত এক নিৰ্বাচনী সভাত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ কয়, অসমত ৰাইজক ভূমি পট্টা দিব নোৱাৰা হিমন্ত বিশ্ব শৰ্মাই বিদেশত সম্পত্তি গঢ়িছে। অসমৰ ৰাইজক ১২৫০টকা দি নিজে ১২হাজাৰ বিঘা মাটি ক্ৰয় কৰিছে। কংগ্ৰেছ চ
কংগ্ৰেছ চৰকাৰ আহিলে হিমন্ত বিশ্ব শৰ্মাক জেলত ভৰাম বুলি ভাবুকি গৌৰৱ গগৈৰ


নগাঁও, ০৬এপ্ৰিল (হি.স.)। নগাঁওৰ ৰহাত অনুষ্ঠিত এক নিৰ্বাচনী সভাত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ কয়, অসমত ৰাইজক ভূমি পট্টা দিব নোৱাৰা হিমন্ত বিশ্ব শৰ্মাই বিদেশত সম্পত্তি গঢ়িছে। অসমৰ ৰাইজক ১২৫০টকা দি নিজে ১২হাজাৰ বিঘা মাটি ক্ৰয় কৰিছে। কংগ্ৰেছ চৰকাৰ আহিলে হিমন্ত বিশ্ব শৰ্মাক জেলত ভৰাম। ১০০ দিনৰ ভিতৰত জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিম।

শ্যামকানু মহন্ত আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত থকা সম্পৰ্ক ফাদিল কৰিম।

মোৰ দেউতাই পোন্ধৰ বছৰ মুখ্যমন্ত্ৰী হৈ থাকিল কিন্তু বিদেশত সম্পত্তি গঢ়িব নোৱাৰিলে নিউজ চেনেল খুলিব নোৱাৰিলে কেৱল ৰাইজৰ সেৱা কৰিলে।

পিছপৰা অঞ্চলত ল'ৰা ছোৱালীয়ে কয় হিমন্ত বিশ্ব শৰ্মাই বিদ্যালয় বন্ধ কৰি মদৰ দোকান খুলিছে। কংগ্ৰেছ চৰকাৰ আহিলে হিমন্ত বিশ্ব শৰ্মাই খোলা মদৰ দোকান বন্ধ কৰি বিদ্যালয় খুলিম আৰু বিদ্যালয় যাৱলৈ বাছৰ ব্যৱস্থা কৰিম।

গৰু চিণ্ডিকেট আৰু কয়লা চিণ্ডিকেটৰ পইচা দিছপুৰৰ বিশেষ ঘৰটোলৈ যায় সেইয়া আমি চৰকাৰ আহিলে তদন্ত কৰিম।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande