
বাক্সা, ০৬ এপ্ৰিল (হি.স.)। গোৰেশ্বৰৰ ৰাজপথত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ চোকা পহৰা। সমাগত বিধান সভা নিৰ্বাচনৰ বাবে ফ্লেগমাৰ্চ আৰু মাৰ্ষ্টপাষ্ট। নিৰ্বাচনৰ সময়ত যাতে কোনেও আতংকিত নহয় তাৰবাবে আৰক্ষীৰ এই পদক্ষেপ।
গোৰেশ্বৰ আৰক্ষী থানাৰ পৰিদৰ্শক হিতেশ বসুমতাৰীৰ নেতৃত্বত গোৰেশ্বৰ আৰক্ষী থানাৰ পৰা গোৰেশ্বৰৰ চ'ক বজাৰৰ মাজেৰে ৰাজপথত কৰে এই সজাগতামুলক কাৰ্যসুচী।
আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ বৃহত দলটোৱে কৰে এই ফ্লেগমাৰ্চ আৰু মাষ্টপাৰ্ট।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু