
ধেমাজি, ০৬ এপ্ৰিল (হি.স.)। ৰাজ্যত বলিছে নিৰ্বাচনী গৰম বতাহ। ধেমাজি সমষ্টিৰ গোগামুখত উপস্থিত তৃণমূল কংগ্ৰেছৰ সাংসদ শতাব্দী ৰয়।
তৃণমূল কংগ্ৰেছৰ ধেমাজি সমষ্টিৰ প্ৰাৰ্থী নৰেন কুমাৰ পাৱেৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহণ নেত্ৰী গৰাকী। জুবিন গাৰ্গৰ মায়াবিনী গীতেৰে নিৰ্বাচনী প্ৰচাৰ সভা আৰম্ভ তৃণমূল কংগ্ৰেছৰ।
ৰণোজ পেগুৰ বিৰুদ্ধে এঘৰি যুঁজিবলৈ সাজু নৰেন কুমাৰ পাৱ। ধৰ্মৰ সৈতে ৰাজনীতিৰ কোনো সম্পৰ্ক নাই বুলি মন্তব্য় শতাব্দী ৰয়ৰ। নিজৰ ধৰ্মক নিজেই ৰক্ষা কৰিম,কোনো ৰাজনৈতিক দলে ৰক্ষা কৰাৰ প্ৰয়োজন নাই। - বিজেপিৰ ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিক লৈ এইদৰে মন্তব্য সাংসদ গৰাকীৰ।
অজাপৰ প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত হৈ তৃণমূল কংগ্ৰেছৰ পৰা নিৰ্বাচনী যুদ্ধত অৱতীৰ্ণ হোৱা নৰেন কুমাৰ পাৱে লগাইছে বিৰোধী মিত্ৰজোটত আউল।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা