বিশ্বৰ মূলধনীজাত বজাৰৰ পৰা মিশ্ৰিত সংকেত, এছিয়াত মিশ্ৰিত ব্যৱসায়
নতুন দিল্লী, ০৬ এপ্ৰিল (হি.স.)। সপ্তাহৰ প্ৰথম দিনটোত আজি বিশ্বৰ বজাৰসমূহে মিশ্ৰিত সংকেত লাভ কৰিছে। গুড ফ্ৰাইডেৰ ছুটীৰ বাবে যোৱা সপ্তাহৰ শেষৰ ব্যৱসায়িক দিনটোত বন্ধ আছিল আমেৰিকা আৰু ইউৰোপৰ বজাৰ। ইফালে, পশ্চিম এছিয়াত চলি থকা যুদ্ধৰ বাবে আজি ডাউ জ’নছ
प्रतीकात्मक


নতুন দিল্লী, ০৬ এপ্ৰিল (হি.স.)। সপ্তাহৰ প্ৰথম দিনটোত আজি বিশ্বৰ বজাৰসমূহে মিশ্ৰিত সংকেত লাভ কৰিছে। গুড ফ্ৰাইডেৰ ছুটীৰ বাবে যোৱা সপ্তাহৰ শেষৰ ব্যৱসায়িক দিনটোত বন্ধ আছিল আমেৰিকা আৰু ইউৰোপৰ বজাৰ। ইফালে, পশ্চিম এছিয়াত চলি থকা যুদ্ধৰ বাবে আজি ডাউ জ’নছ ইণ্ডাষ্ট্ৰিয়েল এভাৰেজ (ডিজিআইএ)ৰ ফ্যুচাৰৰ ব্যৱসায় কম হৈছে। বৰ্তমান এই সূচকাংক ০.০৯ শতাংশ হ্ৰাস পাই ৪৬,৩৯০.০২ পইণ্টত আছে। এছিয়াৰ বজাৰসমূহত আজি মিশ্ৰিত ব্যৱসায়ৰ সন্মুখীন হৈছে।

এছিয়াৰ ৯খন বজাৰৰ ভিতৰত তিনিখন বজাৰত লাভৰ সৈতে সেউজীয়া সূচকত ব্যৱসায় চলি থকাৰ বিপৰীতে দুখনে লোকচানৰ সৈতে ৰঙা সূচকত ব্যৱসায় কৰি আছে। হংকং, চীন, থাইলেণ্ড, আৰু টাইৱানৰ ষ্টক এক্সচেঞ্জত ছুটীৰ বাবে আজি হাং চেং সূচকাংক, চাংহাই কম্পোজিট সূচকাংক, ছেট কম্পোজিট সূচকাংক, আৰু টাইৱান ওজনযুক্ত সূচকাংক অপৰিৱৰ্তিত হৈ আছে।

গিফ্ট নিফটী ০.১০ শতাংশ দুৰ্বলতাৰে ২২,৬৮৩ পইণ্টৰ স্তৰত ব্যৱসায় কৰি আছে। একেদৰে জাকাৰ্টা কম্পোজিট ইনডেক্স ০.৬৯ শতাংশ হ্ৰাস পাই ৬,৯৭৮.২৬ পইণ্টৰ স্তৰত উপনীত হৈছে। আনহাতে, নিকেই সূচকাংক ৬০৪.৫১ পইণ্ট অৰ্থাৎ ১.১৪ শতাংশ শক্তিৰে ৫৩,৭২৮ পইণ্টৰ স্তৰত ব্যৱসায় কৰি আছে। একেদৰে কোস্পি সূচকাংক ০.৭৭ শতাংশ জঁপিয়াই ৫,৪১৮.৮০ পইণ্টৰ স্তৰত উপনীত হৈছে। ইয়াৰ উপৰিও ষ্ট্ৰেইটছ টাইমছ ইনডেক্সে ০.৩০ পইণ্ট বৃদ্ধিৰে ৪,৯৬২.১৩ পইণ্টৰ স্তৰত উপনীত হৈছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande