
কোকৰাঝাৰ, ০৬ এপ্ৰিল (হি.স.)। আগন্তুক অসম বিধানসভা নিৰ্বাচন ২০২৬ ৰ প্ৰেক্ষাপটত ভোটাৰ সকলক নিৰ্ভয়ে আৰু অভিলেখ সংখ্যক ভোটদান কৰিবলৈ উৎসাহিত কৰাৰ উদ্দেশ্যে ফকিৰাগ্ৰামত আৰক্ষীৰ ফালৰ পৰা এটা শোভাযাত্ৰা উলিওৱা হয়। উক্ত শোভাযাত্ৰাৰ সন্দৰ্ভত অতিথি হিচাপে উপস্থিত থকা কৌশিক কলিতা, উপ আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়), কোকৰাঝাৰে কয় যে, বিভাগীয় কৰ্তৃপক্ষৰ নিৰ্দেশ মৰ্মে এই উদ্যোগ গ্ৰহণ কৰা হৈছে যাতে ভোটাৰ সকলে কোনো ভয়-শংকা নোহোৱাকৈ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰে।
তেওঁ লগতে কয় যে, আৰক্ষীয়ে নিৰ্বাচনৰ সময়ছোৱাত সম্পূৰ্ণ সুৰক্ষা ব্যৱস্থা নিশ্চিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ আৰু জনসাধাৰণক আইন-শৃংখলা ৰক্ষা কৰাত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। শোভাযাত্ৰাৰ সময়ছোৱাত আৰক্ষী বাহিনীয়ে বিভিন্ন অঞ্চলত পৰিভ্ৰমণ কৰি ৰাইজৰ সৈতে মতবিনিময় কৰে আৰু শান্তিপূৰ্ণ, স্বচ্ছ তথা নিৰপেক্ষ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সকলোকে সক্ৰিয় অংশগ্ৰহণৰ বাবে আহ্বান জনায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ