
গুৱাহাটী, ০৬ এপ্ৰিল (হি.স.)। সমাগত অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনত ভোটাৰৰ মাজত সজাগতা বৃদ্ধিৰ বাবে বিশেষকৈ যুৱ ভোটাৰসকলক আকৃষ্ট কৰাৰ উদ্দেশ্যে আজি কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত তথা এছ ভি ই ই পি কাৰ্যসূচীৰ অধীনত ইলেকট্ৰৰেল লিটাৰেচি ক্লাব আৰু নিৰ্বাকৰ সহযোগত “পাৱাৰ অফ ভোট অৰ্থাৎ “ভোটদানৰ ক্ষমতা শীৰ্ষক এক বিশেষ ভোটাৰ সজাগতা কাৰ্যসূচী অনুষ্ঠিত হৈ যায়।
দিশপুৰ মহাবিদ্যালয়ত অনুষ্ঠিত উক্ত কাৰ্যসূচীৰ আৰম্ভণিতে দিছপুৰ কলেজৰ অধ্যক্ষ ড° নৱজ্যোতি বৰাই উদ্বোধনী ভাষণ প্ৰদান কৰি ভোটাৰ সজাগতা বৃদ্ধি কৰাৰ কথা উল্লেখ কৰাৰ লগতে ভোটদান এক পবিত্ৰ কৰ্তব্য বুলি অভিহিত কৰে। কামৰূপ মহানগৰ জিলাৰ সহকাৰী আয়ুক্ত ৰিচি বন্দনা গগৈয়ে নিজৰ বক্তব্যত ভোটদানৰ ক্ষেত্ৰত যুৱ সমাজৰ মাজত সচেতনতা বৃদ্ধি কৰাত এনে সৃজনশীল কাৰ্যসূচীৰ গুৰুত্বৰ কথা উল্লেখ কৰে ।
কাৰ্যসূচীৰ মুখ্য আকর্ষণ আছিল নিৰ্বাকৰ নিৰ্দেশক মিনাংক ডেকাৰ পৰিচালনাত প্ৰদৰ্শিত ভোটদানৰ ক্ষমতা বিষয়ক এক আকৰ্ষণীয় মূকাভিনয় অনুষ্ঠান। কেইবাগৰাকীও প্ৰতিভাশালী যুৱ শিল্পীয়ে সুন্দৰ মূকাভিনয়ৰ জৰিয়তে ভোটদানৰ গুৰুত্ব, প্ৰয়োজনীয়তা আৰু ভোটাৰৰ দায়িত্ব সম্পৰ্কে এক বিশেষ ইতিবাচক বাৰ্তা প্ৰেৰণ কৰে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী