২৩ নং চেঙা সমষ্টিত এআইইউডিএফৰ কাৰ্যালয় লণ্ডভণ্ড কৰি অগ্নিসংযোগ একাংশ সমৰ্থকৰ
২৩ নং চেঙা সমষ্টিৰ দুখন AIUDF ৰ কাৰ্যালয় লণ্ডভণ্ড কৰি অগ্নিসংযোগ কৰে একাংশ সমৰ্থকে ।
২৩ নং চেঙা সমষ্টিত এআইইউডিএফৰ কাৰ্যালয় লণ্ডভণ্ড কৰি অগ্নিসংযোগ একাংশ সমৰ্থকৰ


বৰপেটা, ০৬ এপ্ৰিল (হি.স.): নিৰ্বাচনী উত্তাল পৰিৱেশৰ মাজতে ২৩ নং চেঙা সমষ্টিত এআইইউডিএফ দলৰ দুাট কাৰ্যালয় যোৱা কালি দেওবাৰে সন্ধিয়া লণ্ডভণ্ড কৰি অগ্নিসংযোগ কৰে একাংশ সমৰ্থকে । সমষ্টিটোৰ খোলাবান্ধা জনপ্ৰিয় বজাৰৰ লগতে মৈৰাদিয়া বজাৰত থকা দলৰ নিৰ্বাচনী কাৰ্যালয় দুটা ভাঙি লণ্ডভণ্ড কৰাৰ লগতে ক্ষুব্ধ লোকে অগ্নিসংযোগ কৰিছে ।

জানিব পৰা মতে, কালি সমষ্টিটোৰ বাঘমাৰাচৰত দলৰ প্ৰাৰ্থী আশ্ৰাফুল হুছেইনৰ এখন নিৰ্বাচনী সভালৈ যোৱা বাইক আৰু অন্যান্য বাহনৰ ধন নিদিয়াৰ বাবেই একাংশ লোকে ক্ষুব্ধ হৈ নিৰ্বাচনী কাৰ্যালয় দুখন ভাঙি লণ্ডভণ্ড কৰে । ক্ষুব্ধ লোকে কাৰ্যালয়ৰ সকলো বয়বস্তু ভাঙি চুৰমাৰ কৰাৰ লগতে অগ্নি সংযোগ কৰে। এই ঘটনাত কেইবাজন লোক কম বেছি পৰিমাণে আহত হৈছে। এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande