মাজবাটত জয় ভাৰত পার্টি , ঝাৰখণ্ড মুক্তি মৰ্চাৰ বিশাল নিৰ্বাচনী সভা
ওডালগুৰি, ০৬ এপ্ৰিল (হি.স.)। মাজবাটৰ ওৰাং চাহ বাগিচা খেল পথাৰত জয় ভাৰত পার্টি , ঝাৰখণ্ড মুক্তি মৰ্চাৰ বিশাল নিৰ্বাচনী সভা । ৪৭ নং মাজবাট বিধানসভা সমষ্টিৰ জেএমএমৰ প্ৰক্ষেপিত প্ৰাৰ্থী প্রীতি ৰেখা বাৰ্লাৰ হৈ প্ৰচাৰ সভাত অংশগ্ৰহণ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী
মাজবাটত জয় ভাৰত পার্টি , ঝাৰখণ্ড মুক্তি মৰ্চাৰ বিশাল নিৰ্বাচনী সভা


ওডালগুৰি, ০৬ এপ্ৰিল (হি.স.)। মাজবাটৰ ওৰাং চাহ বাগিচা খেল পথাৰত জয় ভাৰত পার্টি , ঝাৰখণ্ড মুক্তি মৰ্চাৰ বিশাল নিৰ্বাচনী সভা । ৪৭ নং মাজবাট বিধানসভা সমষ্টিৰ জেএমএমৰ প্ৰক্ষেপিত প্ৰাৰ্থী প্রীতি ৰেখা বাৰ্লাৰ হৈ প্ৰচাৰ সভাত অংশগ্ৰহণ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰ পত্নী কল্পনা চোৰেনৰ । প্রায় ১০ হাজাৰ লোকৰ উপস্থিতিত বিশাল নির্বাচনী সভাত অংশগ্ৰহণ কল্পনা চোৰেণৰ | এইবাৰৰ যুঁজ আদিবাসী সমাজৰ অধিকাৰৰ যুঁজ বুলি মন্তব্য নেত্ৰী গৰাকীৰ |

বছৰ বছৰ ধৰি জনজাতিকৰণৰ বিৰোধিতা কৰা ৰজাঘৰীয়াক এইবেলি নির্বাচনৰ জৰিয়তে উচিত শিক্ষা দিয়াৰ হুংকাৰ কল্পনা চোৰেনৰ | আনহাতে , সাংবাদিকৰ আগত ৪৭ নং মাজবাট বিধানসভা সমষ্টিৰ জেএমএম দলৰ প্রক্ষেপিত প্রার্থী প্রীতি ৰেখা বাৰ্লাই কয় যে, এইবেলি সমষ্টিটোত তেওঁৰ জয় ১০০% নিশ্চিত | মাজবাটৰ সমূহ জনগণে এইবাৰ নিজৰ প্রাপ্য অধিকাৰৰ বাবে ধঁনুকাড়ৰ ছবিত ভোটদান কৰিব বুলি মন্তব্য প্রয়াত আদিবাসী নেতা প্রদীপ নাগৰ পত্নী প্রার্থী প্রীতি ৰেখা বাৰ্লাৰ |

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande