
নগাঁও, ০৬ এপ্ৰিল (হি.স.)। সমাগত বিধানসভা নিৰ্বাচন। ৬১নং ৰহা বিধানসভা সমষ্টিত এইবাৰ চাৰিটা দলে প্ৰক্ষেপ কৰিছে চাৰিগৰাকীকৈ প্ৰাৰ্থী। কংগ্ৰেছ, বিজেপি, এ আই ইউ ডি এফ ৰ সমান্তৰালভাৱে এইবাৰ ৰহাত আম আদমি পাৰ্টিয়েও প্ৰদান কৰিছে প্ৰাৰ্থীত্ব।
আপৰ প্ৰাৰ্থী বৰুণ বিকাশ দাসে ইতিমধ্যে সমষ্টিৰ প্ৰান্তে প্ৰান্তে চলিছে নিৰ্বাচনী প্ৰচাৰ। প্ৰচাৰ কাৰ্যসূচীৰ অংশগ্ৰহণ কৰি জয়ী হব বুলি মন্তব্য আগবঢ়াই প্ৰাৰ্থী গৰাকীয়ে ৷ লগতে তেওঁ উল্লেখ কৰা অনুসৰি ৰহা সমষ্টিৰ উন্নয়ন একেবাৰে শূন্য বুলি উল্লেখ কৰি ৰহা ৰাইজে জয়ী কৰালে জুবিনৰ ন্যায় লগতে টোল গেট বন্ধ কৰা বাবে চেষ্টা কৰিব বুলি উল্লেখ কৰি ৰাইজৰ বিপুল সমাদাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ