কলিয়াবৰ সমষ্টিৰ লাইলুৰিত ৰাইজৰ দলৰ বিশাল জনসভা
কলিয়াবৰ সমষ্টিৰ লাইলুৰিত ৰাইজৰ দলৰ বিশাল জনসভা।
কলিয়াবৰ সমষ্টিৰ লাইলুৰিত ৰাইজৰ দলৰ বিশাল জনসভা


নগাঁও, ০৬ এপ্ৰিল (হি.স.): নগাঁও জিলাৰ কলিয়াবৰ সমষ্টিৰ লাইলুৰিত যোৱা কালি দেওবাৰে সন্ধিয়া ৰাইজৰ দলৰ বিশাল জনসভা অনুষ্ঠিত হয় । কলিয়াবৰৰ সভাত অংশগ্ৰহণ কৰি দলটোৰ সভাপতি অখিল গগৈয়ে প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই দিয়ে । তেওঁ কয় যে মিত্ৰজোঁটৰ চৰকাৰ হ'লে এক মাহৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মাক জেলত ভৰাব। জুবিন গাৰ্গৰ ন্যায় প্ৰদান কৰি জুবিন গাৰ্গৰ হত্যাকাৰীক ফাঁচী দিয়া হ'ব। দুই বছৰ ভিতৰত এনআৰচি সম্পূৰ্ণ কৰা হ'ব । আইডেন্টি কাৰ্ডৰ জৰিয়তে অসমৰ চুকে কোনে সকলোতে কাম কৰিবলৈ যাব পাৰিব । বিদেশীক বহিষ্কাৰ কৰি স্বদেশীক শান্তিৰে থাকিবলৈ দিব ।

ইয়াৰোপৰি সকলো স্বদেশী লোকক মাটিৰ পট্টা দিয়া, চৰকাৰী বীজ আৰু পানী বিনামূলীয়াকৈ দিয়া, ডাঙৰ টেক্টৰ এখন গাৱঁত পাচঁখন, সাৰ আৰু খাজনা সম্পূৰ্ণ বিনামূলীয়াকৈ দিয়া, মহিলা সকলক তিনি হাজাৰ টকা কৈ অৰুণোদই দিয়াকে ধৰি বিভিন্ন প্ৰতিশ্ৰুতিৰ বন্য়া বোৱায়। ইয়াৰ লগতে জীৱনত শপত খাই কয় যে মিত্ৰজোঁটৰ চৰকাৰ হ'লে অসমৰ সকলো মানুহক ধনী কৰি দিব। ৰাইজৰ দলৰ সমৰ্থিত প্ৰাৰ্থী প্ৰদীপ কুমাৰ বৰুৱাৰ হৈ প্ৰচাৰ চলাবলৈ আহি এই দৰে প্ৰতিশ্ৰুতি দিলে কলিয়াবৰত অখিল গগৈয়ে । কেইবাহাজৰ ভোটাৰৰ সন্মুখত অখিল গগৈৰ উদাত্ত ভাষণ ৰাখি হিমন্ত বিশ্ব শৰ্মা, কেশৱ মহন্ত, বদৰুদ্দিনৰ আজমলক কটাক্ষ কৰে অখিল গগৈয়ে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande