
ধুবুৰী, ০৬ এপ্ৰিল (হি.স.): নিৰ্বাচনী প্ৰচাৰৰ নামত ভোটাৰক আকৰ্ষিত কৰাৰ বাবে ধুবুৰীত কংগ্ৰেছৰ মঞ্চত অশ্লীল নৃত্য প্ৰদৰ্শিন কৰাৰ ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৯নং বিৰশিং জৰুৱা বিধান সভা সমষ্টিৰ বাহিৰ ছুৱাপাতা গাঁও পঞ্চায়তৰ দৈখোৱা বজাৰত এই ঘটনা সংঘটিত হৈছে ।
জানিব পৰামতে, দৈখোৱা বজাৰত যোৱা কালি দেওবাৰে সন্ধিয়া কংগ্ৰেছৰ লগতে এ আই ইউ ডি এফৰো আছিল নিৰ্বাচনী সভা। একে সময়তে ১০০ মিটাৰ দুৰৈত অনুষ্ঠিত কৰা হয় নিৰ্বাচনী সভা দুখন । পিছে সভাত কংগ্ৰেছ দলে ভোটাৰক আকৰ্ষিত কৰিবলৈ অশ্লীল নৃত্য প্ৰদৰ্শন কৰোৱা পৰিলক্ষিত হৈছে । এয়া নিৰ্বাচনী প্ৰচাৰৰ সভা নহয়, যেন এটা নৃত্য অনুষ্ঠানহে কংগ্ৰেছে চলাইছে। এই দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাত ব্যাপক চৰ্চা আৰম্ভ হৈছে। ভাৰত বৰ্ষৰ এটা পুৰণি ৰাজনৈতিক দলৰ এনে অসৎ পন্থা হাতত লোৱা ঘটনাই বিৰূপ চৰ্চা লাভ কৰিছে। প্ৰশ্ন উত্থাপন হৈছে, জনমত হেৰুৱাই ভোটাৰক আকৰ্ষিত কৰাৰ বাবে অশ্লীল নৃত্যই শেষ ভৰষা নেকি? সমষ্টিটোৰ কংগ্ৰেছ প্ৰাৰ্থী ওৱাজেদ আলী চৌধুৰীৰ এনে কৰ্ম কাণ্ডক লৈ সচেতন ভোটাৰৰ মাজত ব্যাপক চৰ্চা লাভ কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ