সুৰক্ষা, সমন্বয় আৰু আন্তঃগাঁথনি উন্নয়ন আৰু অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে ৰেলৱে সুৰক্ষা বাহিনীৰ মহানিৰ্দেশকৰ উত্তৰ-পূব সীমান্ত ৰেলৱে ভ্ৰমণ
গুৱাহাটী, ০৬ এপ্ৰিল (হি.স.)। ৰে''লৱে সুৰক্ষা বাহিনী (আৰপিএফ)ৰ মহানিৰ্দেশক, আইপিএছ সোণালী মিশ্ৰই চলিত বৰ্ষৰ ৫ আৰু ৬ এপ্ৰিল তাৰিখে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ এক দুদিনীয়া বিস্তৃত পৰিদৰ্শন সম্পন্ন কৰে, যাৰ উদ্দেশ্য আছিল সুৰক্ষামূলক ব্যৱস্থা শক্তিশালীকৰণ
ৰেলৱে সুৰক্ষা বাহিনীৰ মহানিৰ্দেশকৰ উত্তৰ-পূব সীমান্ত ৰেলৱে ভ্ৰমণ


গুৱাহাটী, ০৬ এপ্ৰিল (হি.স.)। ৰে'লৱে সুৰক্ষা বাহিনী (আৰপিএফ)ৰ মহানিৰ্দেশক, আইপিএছ সোণালী মিশ্ৰই চলিত বৰ্ষৰ ৫ আৰু ৬ এপ্ৰিল তাৰিখে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ এক দুদিনীয়া বিস্তৃত পৰিদৰ্শন সম্পন্ন কৰে, যাৰ উদ্দেশ্য আছিল সুৰক্ষামূলক ব্যৱস্থা শক্তিশালীকৰণ, সমন্বয় আৰু আন্তঃগাঁথনি উন্নয়ন সুদৃঢ় কৰাত গুৰুত্ব আৰোপ কৰা। গুৱাহাটী ভ্ৰমণকালত, ৰে'লৱে সুৰক্ষা বাহিনীৰ মহানিৰ্দেশক প্ৰটোকল অনুসৰি এক ব্যাপক নিৰ্বাচনী ব্ৰিফিংত অংশগ্ৰহণ কৰি ৰং ভৱনত আয়োজিত 'সুৰক্ষা সন্মিলন'ত উপস্থিত থাকে, য’ত বিভিন্ন আন্তঃগাঁথনিমূলক উন্নয়নৰ পদক্ষেপসমূহৰ বিষয়ে আলোচনা কৰা হয়।

ৰে'লৱে সুৰক্ষা বাহিনীৰ মহানিৰ্দেশক মিশ্ৰই গুৱাহাটীৰ আৰপিএফ চকীৰ এক বিশদ পৰিদৰ্শন কৰি সুৰক্ষা ব্যৱস্থাৰ ওপৰত সমন্বয় আৰু অধিক শক্তিশালী কৰাৰ উদ্দেশ্য অসম আৰক্ষীৰ সঞ্চালক প্ৰধান আৰু ৰেলৱেৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এক উচ্চ স্তৰীয় বৈঠকত মিলিত হয়। ইয়াৰ পিছত, তেওঁ উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱৰ লগতে বিভিন্ন বিভাগৰ প্ৰধান মুৰব্বীসকলৰ সৈতে এক সৰ্বাঙ্গীন আলোচনাত মিলিত হয়, য'ত ৰে'লৱে সুৰক্ষা, পৰিচালন দক্ষতা আৰু সামগ্ৰিক প্ৰস্তুতি সম্পৰ্কীয় গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰতো আলোকপাত কৰে। তদুপৰি, আৰপিএফ মহানিৰ্দেশক মিশ্ৰই উত্তৰ-পূব সীমান্ত ৰেলৱে (নিৰ্মাণ)ৰ মহাপ্ৰবন্ধক আশীষ বানছালৰ সৈতে এক আলোচনাত মিলিত হৈ সুৰক্ষামূলক ব্যৱস্থা আৰু উত্তৰ-পূৰ্বাঞ্চলৰ নতুন ৰেল প্ৰকল্পসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে।

ভ্ৰমণৰ সময়ছোৱাত, মালিগাঁও স্থিত পিচিএছচি ৰিজাৰ্ভ কোম্পানীত এটা কাৰ্যালয়-তথা-বেৰেক নিৰ্মাণৰ অগ্ৰগতিৰ বিষয়ে পৰ্যালোচনা কৰা হয়। এই প্ৰকল্পই আন্তঃগাথঁনি শক্তিশালী কৰাৰ লগতে অঞ্চলটোত ৰেলৱে সুৰক্ষা বাহিনীৰ কাৰ্যক্ষমতা বৃদ্ধি কৰিব। মিশ্ৰই উত্তৰ-পূব সীমান্ত ৰেলৱেৰ নিৰ্বাচনী প্ৰস্তুতিৰ এক ব্যাপক পৰ্যালোচনা কৰি ৰে’ল ভ্ৰমণ সুৰক্ষিত আৰু বাধাহীন ৰে’ল পৰিচালন নিশ্চিত কৰাৰ বাবে অধিক সতৰ্কতা, নিৰবচ্ছিন্ন সমন্বয় আৰু সক্ৰিয় পূৰ্ব প্ৰস্তুতিমূলক সুৰক্ষা ব্যৱস্থাৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে।

এই ভ্ৰমণে ৰে'লৱে নিৰাপত্তা শক্তিশালীকৰণ, আন্তঃগাঁথনি উন্নীতকৰণ লগতে সমগ্ৰ অঞ্চলটোৰ যাত্ৰীসকলৰ বাবে উন্নত সুৰক্ষা ব্যৱস্থা আৰু সেৱা নিশ্চিত কৰাৰ দিশত উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ অবিৰত প্ৰতিশ্ৰুতিকেই প্ৰতিফলিত কৰিছে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande