
ধুবুৰী, ০৬ এপ্ৰিল (হি.স.)। ধুবুৰীত জিলা আৰক্ষীৰ ফ্লেগমাৰ্চ কাৰ্য্যসূচী। জিলা খনৰ ধুবুৰী,গৌৰীপুৰ,গোলোকগঞ্জ আৰু বিলাসীপাৰাকে ধৰি ধুবুৰীতো জিলা আৰক্ষীয়ে ফ্লেগ মাৰ্চ কাৰ্য্যসূচী গ্ৰহণ কৰে।
বিধানসভা নিৰ্বাচনৰ মাজত মাত্ৰ দুটা দিন বাকী থকা সময়তে ধুবুৰী জিলা আৰক্ষী, অৰ্ধসামৰিক বাহিনী আৰু সীমান্ত সুৰক্ষা বাহিনী, (বিএছএফ) ক লগত লৈ নিৰ্বাচন কেন্দ্ৰিক এক বিশেষ বাৰ্তা নিৰ্ভয়েৰ আমি আগবাঢ়ি আহোঁ, অভিলেখ ভোট দানেৰে অসমৰ সুনাম গঢ়ো লৈ
ধুবুৰীৰ বি.অ.চি মোড়ৰৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে চহৰ খনৰ বিভিন্ন অঞ্চলেদি ৰোড মাৰ্চ কৰা পৰিলক্ষিত হয়।
সমগ্ৰ অসমত একেদিনাই ভোট দান প্ৰক্ৰিয়া অনুষ্ঠিত হোৱাত ধুবুৰী জিলা আৰক্ষীয়ে এইক্ষেত্ৰত সক্ৰিয় হৈ থাকিব আৰু যিকোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা যাতে সংঘটিত নহয় তাৰ বাবে জিলা আৰক্ষী সষ্টম হৈ থাকিব বুলি জানিবলৈ দিয়ে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু