
কাছাৰ, ০৬ এপ্ৰিল(হি.স.)। শিলচৰত এআইচিচিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ নিৰ্বাচনী ভাষণ। বৰখোলাত এক বিশাল জনসভাত অংশগ্ৰহণ কৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা গৰাকীয়ে ।শিলচৰ বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী অভিজিত পালৰ হৈ প্ৰচাৰ চলায় মল্লিকাৰ্জুন খাৰ্গে।
ভাষণত বিজেপি মিত্ৰ জোত চৰকাৰক তীব্ৰ সমালোচনা কৰে।‘ইন্দিৰা গান্ধীয়ে এসময়ত কৈছিল- অসম হৈছে শান্তিৰ দ্বীপ,কিন্তু বৰ্তমান সময়ত অসমৰ পৰিৱেশ-পৰিস্থিতি সলনি হৈছে, বিগত ১০বছৰ বৰাক উপত্যকাবাসীক উপেক্ষা কৰি থকা হৈছে, শিলচৰ উৰণ সেতুৰ কাম বৰ্তমানো আধৰুৱা হৈ পৰি আছে, তাৰাপুৰ এলিভেটেড কৰিড’ৰৰ কামো স্থগিত হৈ আছে।
এই প্ৰকল্পবোৰ অসম্পূৰ্ণ হৈ থকাৰ বাবে শিক্ষাৰ্থী, কৰ্মচাৰী, ৰোগী সকলো ভুক্তভোগী হৈছে,ওচৰ চুবুৰীয়া অঞ্চলবোৰত প্ৰতিবছৰে বানৰ বাবে ক্ষতি হয়,ঘৰ-বাৰী উটি যায়, খেতিপথাৰৰ ফচল নষ্ট হয়,তাৰপাছতো বিজেপিৰ হাতত বানৰ পৰা ৰক্ষা পেলাবলৈ কোনো স্থায়ী সমাধান নায়,সেয়েহে শিলচৰত কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীক জয়ী কৰোৱা আপোনালোকৰ কাম,নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণত এনেদৰে কয় কংগ্ৰেছৰ জ্যেষ্ঠ নেতা গৰাকীয়ে।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ