নগাঁৱৰ চামগুৰি সমষ্টিত কংগ্ৰেছ দলত গৰাখহনীয়াৰ সৃষ্টি
নগাঁৱ, ০৬ এপ্ৰিল (হি.স.)। ভোটগ্ৰহণ লৈ মাজত মাত্ৰ দুটা দিন বাকী থকা অৱস্থাত নগাঁৱৰ চামগুৰি সমষ্টিত এতিয়া কংগ্ৰেছ দলত গৰাখহনীয়াৰ সৃষ্টি হোৱাত কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইনে ব্যাপক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। সোমবাৰৰ দিনটোত শ শ কংগ্ৰেছীয়ে দল ত্য
নগাঁৱৰ চামগুৰি সমষ্টিত কংগ্ৰেছ দলত গৰাখহনীয়াৰ সৃষ্টি


নগাঁৱ, ০৬ এপ্ৰিল (হি.স.)। ভোটগ্ৰহণ লৈ মাজত মাত্ৰ দুটা দিন বাকী থকা অৱস্থাত নগাঁৱৰ চামগুৰি সমষ্টিত এতিয়া কংগ্ৰেছ দলত গৰাখহনীয়াৰ সৃষ্টি হোৱাত কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইনে ব্যাপক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। সোমবাৰৰ দিনটোত শ শ কংগ্ৰেছীয়ে দল ত্যাগ কৰি বিজেপি প্ৰাৰ্থী অনিল শইকীয়াৰ ওচৰত বিজেপিত যোগদান কৰিছে।

সংখ্যালঘূৰ কংগ্ৰেছৰ প্ৰতি মোহভংগ হোৱাত বিজেপি শিবিৰ উৎফুল্লিত হৈ পৰিছে। আনকি একাংশ সংখ্যালঘূ ৰাইজে মুকলিকৈ কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইনৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande