
ইতিহাসৰ বহু উল্লেখযোগ্য ঘটনাৰ বাবে ৭ এপ্ৰিল পৰিচিত যদিও ১৯৪৮ চনৰ আজিৰ দিনটোতে লোৱা এক পদক্ষেপে বিশ্ব স্বাস্থ্য ব্যৱস্থা গঢ় দিছিল। আজিৰ দিনটোতে বিশ্ব স্বাস্থ্য সংস্থা (ডব্লিউএইচও) প্ৰতিষ্ঠা কৰা হয়।
ৰাষ্ট্ৰসংঘৰ এই প্ৰধান সংস্থাটোৱে বিশ্ব স্বাস্থ্য সমস্যাসমূহ সমাধান কৰা, দেশসমূহৰ মাজত সহযোগিতা প্ৰসাৰ কৰা, আৰু স্বাস্থ্যৰ মানদণ্ড গঢ়ি তোলাৰ লক্ষ্য ৰাখিছে। আজি বিশ্বৰ প্ৰায়বোৰ দেশক এক উমৈহতীয়া মঞ্চত একত্ৰিত কৰি স্বাস্থ্যসেৱা উন্নত কৰাৰ ক্ষেত্ৰত ডব্লিউএইচও-এ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
বৰ্তমান সংগঠনটোৰ ১৯৪খন সদস্য ৰাষ্ট্ৰ আৰু দুজন সহযোগী সদস্য আছে। ইয়াৰ মুখ্য কাৰ্যালয় ছুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত, য’ৰ পৰাই বিশ্ব স্বাস্থ্য নীতি আৰু কাৰ্যসূচী প্ৰশাসন কৰা হয়।
প্ৰতিবছৰে ৭ এপ্ৰিলৰ দিনটো বিশ্ব স্বাস্থ্য দিৱস হিচাপে উদযাপন কৰি বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিষ্ঠাৰ স্মৃতিত উদযাপন কৰা হয়। এই দিনটোত স্বাস্থ্য সজাগতা বৃদ্ধি, ৰোগ প্ৰতিৰোধ, উন্নত স্বাস্থ্যসেৱাৰ প্ৰসাৰৰ বাবে বিশ্বজুৰি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হয়।
যোৱা দশকবোৰত বিশ্বৰ অসংখ্য স্বাস্থ্য সংকটৰ সৈতে মোকাবিলা কৰাত ডব্লিউ এইচ অ’ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে আৰু আজিও সংস্থাটোৱে বিশ্বক সুস্থ ভৱিষ্যতৰ দিশত আগুৱাই নিয়াৰ বাবে চেষ্টা অব্যাহত ৰাখিছে।
গুৰুত্বপূৰ্ণ পৰিঘটনা
১৮১৮ - আজিৰ দিনটোতে ব্ৰিটিছ চৰকাৰে বংগ ৰাজ্যিক বন্দী নিয়ন্ত্ৰণ আইন প্ৰৱৰ্তন কৰে, য'ত বিনা মোকৰ্দমাৰে লোকক বিতাড়ন আৰু আটক কৰাৰ অনুমতি দিয়া হয়। দেশৰ স্বাধীনতা নোহোৱালৈকে এই আইন প্ৰযোজ্য হৈ আছিল।
১৮২৭ - আজিৰ দিনটোতে প্ৰতিঘৰত জুইশলাৰ প্ৰয়োজনীয়তা আছিল। ব্ৰিটিছ ৰসায়নবিদ জন ৱাকাৰে আৰম্ভ কৰিছিল ৭ এপ্ৰিলৰ পৰা ইয়াৰ বিক্ৰী।
১৯১৯ - বাভাৰিয়ান ছোভিয়েট ৰিপাব্লিক প্ৰতিষ্ঠা হয়।
১৯২৯ - ব্ৰিটেইনৰ ইম্পেৰিয়েল এয়াৰৱেজে কৰাচীলৈ লণ্ডন-কাইৰো সেৱা বৃদ্ধি কৰাৰ সময়ত ভাৰতত প্ৰথমখন বাণিজ্যিক বিমান উপস্থিত হয়।
১৯৩৯ - দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ইটালীয়ে আলবেনিয়া দখল কৰে।
১৯৪০ - আমেৰিকাত কৃষ্ণাংগ আমেৰিকান বুকাৰ টি ৱাশ্বিংটনৰ ছবিখন প্ৰথমবাৰৰ বাবে ডাক টিকটত ছপা কৰা হয়।
১৯৪৬ - ফ্ৰান্সৰ পৰা ছিৰিয়াৰ স্বাধীনতা অনুমোদন কৰা হয়।
১৯৪৮ - ৰাষ্ট্ৰসংঘৰ দ্বাৰা বিশ্ব স্বাস্থ্য সংস্থা গঠন কৰা হয়।
১৯৫৫ - উইন্সটন চাৰ্চিলে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰে।
১৯৬৯ - বিশ্বজুৰি তথ্য প্ৰযুক্তিৰ এক বৃহৎ বিপ্লৱ। ইণ্টাৰনেটৰ জন্ম হৈছিল আজিৰ দিনটোতে।
১৯৭৮ - আমেৰিকাৰ ৰাষ্ট্ৰপতি জিমি কাৰ্টাৰে নিউট্ৰন বোমা নিৰ্মাণত নিষেধাজ্ঞা আৰোপ কৰে।
১৯৯৪ - কিগালি বিমানবন্দৰত ৰকেট আক্ৰমণত ৰুৱাণ্ডাৰ ৰাষ্ট্ৰপতি জুভেনাল হাব্যাৰিমানা আৰু বুৰুণ্ডিৰ ৰাষ্ট্ৰপতি চাইপ্ৰিয়েন ণ্ট্যামিটাৰ মৃত্যু হয়।
১৯৯৮ - বিশ্ব স্বাস্থ্য সংস্থাই বিশ্ব স্বাস্থ্য দিৱসক মহিলা চিকিৎসা দিৱস হিচাপে ঘোষণা কৰে।
২০০০ - ব্ৰাজিলত বিশ্বৰ আটাইতকৈ সৰু বাতৰি কাকত ইউয়াৰ অনাৰ প্ৰকাশ আৰম্ভ হয়।
২০০০ - ভাৰতত কোটি কোটি টকাৰ মেচ ফিক্সিং আৰু বেটিং ৰেকেট উন্মোচিত হয়।
২০০১ - চীনে আক্ষেপ প্ৰকাশ কৰাৰ পৰিৱৰ্তে আমেৰিকাৰ ওচৰত ক্ষমা বিচাৰে, আমেৰিকা আৰু ভাৰতে প্ৰতিৰক্ষা সহযোগিতাৰ চুক্তিত স্বাক্ষৰ কৰে, প্ৰট’কলৰ বিপৰীতে ৰাষ্ট্ৰপতি বুছে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী যশৱন্ত সিঙৰ সৈতে সাক্ষাৎ কৰে আৰু নাছাৰ অডিচি মহাকাশযান মংগল গ্ৰহলৈ উৎক্ষেপণ কৰে।
২০০৪ - এমেনেষ্টী ইণ্টাৰনেশ্যনেলে প্ৰকাশ কৰা এক প্ৰতিবেদনত চীন, ইৰাণ আৰু আমেৰিকাক মৃত্যুদণ্ডৰ ক্ষেত্ৰত আগশাৰীৰ হিচাপে তালিকাভুক্ত কৰা হৈছে। কুৱালালামপুৰৰ ম্যানমাৰৰ দূতাবাসৰ শৰণাৰ্থীক অগ্নিসংযোগ।
২০০৬ - বাগদাদত সংঘটিত বোমা বিস্ফোৰণত ৭৯ জন লোকৰ মৃত্যু হয়।
২০০৮ - আজিৰ দিনটোতে অসমত নিষিদ্ধ উগ্ৰপন্থী সংগঠন উলফাৰ ৩০ বছৰীয়া প্ৰতিষ্ঠা বাৰ্ষিকী উদযাপন। নতুন দিল্লীত আৰম্ভ হৈছে দুদিনীয়া প্ৰথম ভাৰত-আফ্ৰিকা সন্মিলন।
২০০৮ - পেৰিছত ব্যাপক হুলস্থুল আৰু প্ৰতিবাদৰ মাজতে অলিম্পিকৰ টৰ্চ পাঁচবাৰ নুমুৱাবলগীয়া হয়।
২০১০ - ১৯৯৭ চনৰ ১ ডিচেম্বৰত তেৰ বছৰ পূৰ্বে সংঘটিত হোৱা নিষিদ্ধ সংগঠন ৰণবীৰ সেনাৰ দ্বাৰা আৰৱাল জিলাৰ লক্ষ্মণপুৰ আৰু বাথে গাঁৱত ৫৮ জন দলিত হত্যাকাণ্ডৰ গোচৰত পাটনা বিশেষ আদালতৰ ন্যায়াধীশ বিজয় প্ৰকাশ মিশ্ৰই ১৬ জন দোষীক মৃত্যুদণ্ড আৰু ১০ জনক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে আৰু দোষীয়ে ৫০ হাজাৰ টকাকৈ জৰিমনা ভৰিব লাগিব বুলি নিৰ্দেশ দিয়ে।
২০২০ - ক'ভিড-১৯ মহামাৰীৰ মাজত ভুৱা বাতৰি আৰু বিভ্ৰান্তিকৰ তথ্য বিয়পি পৰা ৰোধৰ বাবে এক নতুন নিয়ম প্ৰণয়ন কৰা হ'ল, য'ত হোৱাটছএপত অতিশয় শ্বেয়াৰ কৰা বাৰ্তা এটা সময়ত মাত্ৰ এটা নম্বৰলৈহে ফৰৱাৰ্ড কৰিব পৰা যায়।
জন্ম
১৮৩৬ - থমাছ হিল গ্ৰীণ - ইংৰাজী বিজ্ঞানী দাৰ্শনিক, অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ হোৱাইট অধ্যাপক।
১৯১৯ - কাশ্মীৰী লাল জাকিৰ - উৰ্দুৰ প্ৰখ্যাত কবি, পদ্মশ্ৰী বঁটা বিজয়ী।
১৯২০ - পণ্ডিত ৰবি শংকৰ - প্ৰখ্যাত সীতাৰবাদক।
১৯৩২ - জয়ন্তী পাটনায়ক - ভাৰতীয় সংসদ সদস্য আৰু মহিলা আয়োগৰ প্ৰথম অধ্যক্ষ।
১৯৪২ - জিতেন্দ্ৰ - ভাৰতীয় চলচ্চিত্ৰ অভিনেতা।
১৯৬২ - ৰাম গোপাল বৰ্মা - হিন্দী চলচ্চিত্ৰ পৰিচালক আৰু প্ৰযোজক।
১৯৮০ - সঞ্জয় দত্ত - ভাৰতীয় আমেৰিকান মল্লযুঁজাৰু।
মৃত্যু
১৯৩৫ - শংকৰ আবাজী ভীসে - বিখ্যাত ভাৰতীয় বিজ্ঞানী।
২০০২ - ভৱনম ভেংকতৰামি ৰেড্ডী - অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন অষ্টম মুখ্যমন্ত্ৰী।
২০০৪ - কেলুচৰণ মহাপাত্ৰ - ওডিচি নৃত্যশিল্পী আৰু এগৰাকী প্ৰকৃত শিল্পপ্ৰেমী।
২০১১ - আজিৰ দিনটোতে জনাকী বল্লভ শাস্ত্ৰী - বিখ্যাত কবি।
২০১৪ - ভি.কে. মূৰ্তি - হিন্দী ছবিৰ বিখ্যাত চিনেমাটোগ্ৰাফাৰ।
গুৰুত্বপূৰ্ণ অনুষ্ঠান
-বিশ্ব স্বাস্থ্য দিৱস।
-মহিলা চিকিৎসা দিৱস।
हिन्दुस्थान समाचार / অৰৱিন্দ