মঙলবাৰে বৃন্দাবনত মলুকদাস মহাৰাজৰ জন্ম বাৰ্ষিকী অনুষ্ঠানত অংশগ্ৰহণ কৰিব আৰ এছ এছৰ মুৰব্বী ভাগৱত আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ
পুৱা ১০ বজাত ড০ ভাগৱতে, আৰু বিয়লি ৩ বজাত মুখ্যমন্ত্ৰী যোগীয়ে অংশগ্ৰহণ কৰিব। আৰ এছ এছৰ কৰ্মীসকলে আয়োজন কৰা এক কাৰ্যসূচীতো অংশগ্ৰহণ কৰিব আৰ এছ এছৰ মুৰব্বীগৰাকীয়ে। মথুৰা, ০৬ এপ্ৰিল (হি.স.)। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰ এছ এছ)ৰ মুৰব্বী ডা০ মোহন ভ
मुख्यमंत्री याेगी आदित्यनाथ, संघ प्रमुख माेहन भागवत


পুৱা ১০ বজাত ড০ ভাগৱতে, আৰু বিয়লি ৩ বজাত মুখ্যমন্ত্ৰী যোগীয়ে অংশগ্ৰহণ কৰিব।

আৰ এছ এছৰ কৰ্মীসকলে আয়োজন কৰা এক কাৰ্যসূচীতো অংশগ্ৰহণ কৰিব আৰ এছ এছৰ মুৰব্বীগৰাকীয়ে।

মথুৰা, ০৬ এপ্ৰিল (হি.স.)। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰ এছ এছ)ৰ মুৰব্বী ডা০ মোহন ভাগৱত আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে মঙলবাৰে বৃন্দাবনত ভক্তিকালিন সময়ৰ সাধু মলুকদাস মহাৰাজৰ ৪৫২ সংখ্যক জন্ম জয়ন্তী উদযাপনত অংশগ্ৰহণ কৰিব । এই অনুষ্ঠানৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা সন্তসকলে সমবেত হ’ব।

প্ৰশাসন আৰু মলুকদাস মহাৰাজৰ আশ্ৰমৰ পৰা পোৱা তথ্য অনুসৰি মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ বৃন্দাবনৰ পৱন হান্স হেলিপেডত ২:৩৫ বজাত উপস্থিত হ’ব, তাৰ পৰা ২:৫০ বজাত মালুক পীঠ আশ্ৰমত উপস্থিত হ’ব। মুখ্যমন্ত্ৰী যোগীয়ে বিয়লি ৩ বজাৰ পৰা শ্ৰীমদ জগদগুৰু দ্বাৰাচাৰ্য শ্ৰী মলুকদাস মহাৰাজৰ ৪৫২ সংখ্যক জন্ম জয়ন্তী উদযাপনত অংশগ্ৰহণ কৰিব। ইয়াৰ পিছত বিয়লি ৪ বজাৰ পিছত হেলিকপ্টাৰেৰে আগ্ৰালৈ ৰাওনা হ’ব। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ আগমনৰ প্ৰস্তুতি চূড়ান্ত কৰিছে জিলা প্ৰশাসনে।

তথ্য অনুসৰি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী ডা০ মোহন ভাগৱতেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ মঙলবাৰে বৃন্দাবনত উপস্থিত হ’বহি। পুৱা ১০ বজাত বৃন্দাবনৰ মালুক পীঠত উপস্থিত হ’ব ডাঃ ভাগৱত আৰ এছ এছৰ কৰ্মীসকলে আয়োজন কৰা এক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ইয়াৰ পিছতে ডা° ভাগৱতে পুৱা ১০:৪০ বজাত মলুক পীঠ গৌশালাত উপস্থিত হৈ তাত বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। পুৱা ১০:৫০ বজাৰ পৰা ১:০০ বজালৈ মঞ্চ কাৰ্যসূচী আৰু সংৰক্ষিত কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ইয়াৰ পিছতে দিনৰ ১:১০ বজাত মথুৰাৰ সৰস্বতী কুণ্ডৰ কেশৱ ভৱনত উপস্থিত হৈ স্থানীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিব। সন্ধিয়া ৪:৫০ বজালৈ তেওঁ তাতেই থাকিব। ইয়াৰ পিছত সন্ধিয়া ৫ বজাত কেশৱ ভৱনৰ পৰা ৰাওনা হ’ব আৰু সন্ধিয়া ৫:২০ বজাত মথুৰা জংচনত উপস্থিত হ’ব। তাৰ পৰা বিয়লি ৫:৩১ বজাত তেলেংগানা এক্সপ্ৰেছেৰে নাগপুৰলৈ ৰাওনা হ’ব।

উল্লেখযোগ্য যে মলুকদাস মহাৰাজৰ জন্ম বাৰ্ষিকী উদযাপনৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা সাধু-সন্তৰ সমাগম হৈছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande