
অনন্যা পাণ্ডে আৰু লক্ষ্যৰ বহু প্ৰত্যাশিত ছবি ‘চান্দ মেৰা দিল’ৰ প্ৰথম অফিচিয়েল লুক মুক্তি পালে। ধৰ্ম প্ৰডাকচনৰ বেনাৰত নিৰ্মিত এই ছবিখনৰ পৰিচালক বিবেক ছোনীয়ে। পোষ্টাৰসমূহ মুক্তি পোৱাৰ লগে লগে ছবিখনৰ প্ৰতি দৰ্শকৰ আশা আৰু অধিক বৃদ্ধি পাইছে।
পোষ্টাৰসমূহত অনন্যা আৰু লক্ষ্যৰ ৰোমান্টিক কেমিষ্ট্ৰী স্পষ্টকৈ প্ৰদৰ্শিত হৈছে। এটাত তেওঁলোকক ইজনে সিজনৰ কোলাত হেৰাই যোৱা দেখুওৱা হৈছে, আন এটাত শ্ৰেণীকোঠাৰ দৃশ্য এটা চিত্ৰিত কৰা হৈছে, য’ত তেওঁলোকৰ ঘনিষ্ঠতাই কাহিনীটোৰ আৱেগিক দিশটোক উজ্জ্বল কৰি তুলিছে। ‘আৰৱ’ আৰু ‘চান্দনী’ৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা দুগৰাকীয়ে কঢ়িয়াই আনিছে এক তীব্ৰ প্ৰেম কাহিনী।
ছবিখনৰ টিজাৰ ৭ এপ্ৰিলত মুক্তি পোৱাৰ কথাও ঘোষণা কৰিছে নিৰ্মাতাসকলে। ইফালে ২০২৬ চনৰ ২২ মে’ত ছবিগৃহত মুক্তি পাব ছবিখনৰ টিজাৰ।
हिन्दुस्थान समाचार / Manoj Kumar Saikia