
কাছাৰ, ০৬এপ্ৰিল (হি.স.)। নিৰ্বাচনী বতাহে গৰম কৰি ৰাখিছে কাছাৰ জিলাৰ সোনাই সমষ্টি। আজি সোনাইত সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ এক বিশাল শক্তি প্ৰদৰ্শন দেখিবলৈ পোৱা যায়। দলটোৰ প্ৰাৰ্থী চাহাজান হুছেইন লস্কৰৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ সোনাইত উপস্থিত হয় প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ তথা বৰ্তমানৰ তৃণমূল কংগ্ৰেছৰ সাংসদ ইউছুফ পাঠান।
সোনাই বাজাৰ পৰা আৰম্ভ হোৱা এই বিশাল ৰোড শ্ব’ত হাজাৰ হাজাৰ সমৰ্থকৰ সমাগম ঘটে। নিজৰ প্ৰিয় তাৰকা গৰাকীক এবাৰ চকুৰে চাবলৈ আৰু দলীয় প্ৰাৰ্থীক সমৰ্থন জনাবলৈ পথৰ দুয়োকাষে মানুহৰ ভিৰ পৰিলক্ষিত হয়। প্ৰচাৰ অভিযানত ইউছুফ পাঠানৰ সৈতে উপস্থিত থাকে তৃণমূল কংগ্ৰেছৰ ৰাজ্য সভাৰ সাংসদ তথা জ্যেষ্ঠ নেত্ৰী সুস্মিতা দেব। দুয়োগৰাকী নেতাই হুডখোলা বাহনত উঠি ৰাইজক অভিবাদন জনায় আৰু চাহাজান হুছেইন লস্কৰক বিপুল ভোটত জয়ী কৰিবলৈ আহ্বান জনায়।
প্ৰচাৰৰ মাজতে সংবাদ মাধ্যমৰ সৈতে মুখামুখি হৈ ইউছুফ পাঠানে কয়, অসমত এইবাৰ তৃণমূল কংগ্ৰেছে যিকেইখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে, সেই আটাইকেইখনতে দলীয় প্ৰাৰ্থীসকল জয়ী হ’ব বুলি আমি নিশ্চিত। ৰাইজৰ সঁহাৰিয়ে প্ৰমাণ কৰিছে যে পৰিৱৰ্তন নিশ্চিত।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা