
নতুন দিল্লী, ০৬ এপ্ৰিল (হি.স.)। পশ্চিম এছিয়াৰ সংকটৰ বাবে বাণিজ্য আৰু এমএছএমইৰ ওপৰত হ’ব পৰা বিৰূপ প্ৰভাৱৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাহায্যৰ ব্যৱস্থা ঘোষণা কৰিবলৈ আহ্বান জনাইছে ট্ৰেড ইউনিয়ন সংস্থা কনফেডাৰেচন অৱ অল ইণ্ডিয়া ট্ৰেডাৰ্ছ চমুকৈ কেট (CAIT)য়ে।
সোমবাৰে এক বিবৃতিত সংসদ সদস্য তথা কেটৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক প্ৰবীণ খাণ্ডেলৱালে পশ্চিম এছিয়াত চলি থকা সংকটৰ বাবে ভাৰতৰ বাণিজ্য আৰু উদ্যোগ বিশেষকৈ ক্ষুদ্ৰ ব্যৱসায়ী আৰু এমএছএমই খণ্ডত পৰিব পৰা প্ৰভাৱৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰে। তেওঁ বিত্তমন্ত্ৰীক আহ্বান জনায় যে ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ ঋণ, লজিষ্টিক আৰু কেঁচামালৰ যোগানত হোৱা ব্যাঘাতৰ আলোকত এটা নিবেদিত টাস্ক ফ’ৰ্চ গঠন কৰি সময়মতে সাহায্য ব্যৱস্থা ৰূপায়ণ কৰি স্থিতিশীলতা নিশ্চিত কৰাৰ দাবী জনায়।
আজি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণলৈ প্ৰেৰণ কৰা এখন পত্ৰত খাণ্ডেলৱালে উল্লেখ কৰে যে উৎসৰ বৈচিত্ৰ্যতা, লজিষ্টিক আন্তঃগাঁথনি শক্তিশালী কৰা, সুষম বিত্তীয় ব্যৱস্থাপনা আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ নিৰন্তৰ নিৰীক্ষণ আদি ব্যৱস্থাই দেশত উপলব্ধতা বজাই ৰাখিছে আৰু দাম নিয়ন্ত্ৰিত কৰিছে, যাৰ ফলত ব্যৱসায়ী সমাজত আস্থা জগাই তুলিছে। তেওঁ লগতে কয় যে পশ্চিম এছিয়াত চলি থকা উত্তেজনাৰ বাবে খাৰুৱা তেলৰ মূল্য বৃদ্ধি, যোগানত ব্যাঘাত জন্মা, খৰচ বৃদ্ধিয়ে পেট্ৰ’কেমিকেল, ঔষধ, প্লাষ্টিক, বস্ত্ৰ, সাৰ, ৰাসায়নিক, অটো কম্পোনেণ্ট, লজিষ্টিক, আৰু অন্যান্য শক্তি নিবিড় উদ্যোগকে ধৰি কেইবাটাও খণ্ডত নেতিবাচক প্ৰভাৱ পেলাব পাৰে।
কেটৰ ৰাষ্ট্ৰীয় সভাপতি বি চি ভাৰতিয়াই কয় যে ৰপ্তানিকাৰকসকলে বৃদ্ধি পোৱা মালবাহী আৰু বীমাৰ খৰচ, চালান পলম, পথ সলনি, আৰু পেমেণ্টৰ অনিশ্চয়তাৰ দৰে প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে, যিয়ে তেওঁলোকৰ বিশ্বব্যাপী প্ৰতিযোগিতামূলক ক্ষমতাত প্ৰভাৱ পেলাব। ভাৰতীয়ই কয় যে বিশেষকৈ এম এছ এম ই খণ্ডত বৃদ্ধি পোৱা খৰচ, কাৰ্য্যকৰী মূলধনৰ ওপৰত হেঁচা, যোগান শৃংখলত ব্যাঘাত জন্মা, লাভ হ্ৰাস আৰু ঋণৰ বোজা বৃদ্ধিৰ সন্দৰ্ভত ব্যৱসায় আৰু উদ্যোগ উভয়তে গুৰুতৰ উদ্বেগ আছে।
এই পৰিস্থিতিৰ পোহৰত দুয়োগৰাকী ব্যৱসায়িক নেতাই চৰকাৰক আহ্বান জনাইছে যে এম এছ এম ই আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলক ঋণ পৰিশোধৰ বাবে অতিৰিক্ত সময় আৰু সকাহ, ক্ষতিগ্ৰস্ত খণ্ডসমূহৰ বাবে বিশেষ ঋণ নিশ্চয়তা আঁচনি, গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত উদ্যোগসমূহৰ বাবে সুতৰ ৰাজসাহায্য, ইন্ধন আৰু কেঁচামালৰ মূল্যৰ বাবে নিৰন্তৰ নিৰীক্ষণ আৰু স্থিতিশীলতাৰ ব্যৱস্থা আৰু মালবাহী, বীমা সমৰ্থন আৰু ৰপ্তানিকাৰকসকলৰ বাবে শীঘ্ৰে ধন ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে যাতে তেওঁলোকৰ ব্যৱসায়ত অসুবিধা নহয়।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া