মৰিগাঁওৰ বৰচাপৰী ভজাখাইটি ঘাটত নাঁও দুৰ্ঘটনা, নদীত সন্ধানহীন তিনিজন
মৰিগাঁও, ০৬ এপ্ৰিল (হি.স.)। ব্ৰক্ষ্মপুত্ৰ নদীত নাও দুৰ্ঘটনা। সন্ধানহীন হৈ আছে তিনি জনকৈ লোক। মৰিগাঁও জিলাৰ ভেলৌগুৰী আৰক্ষী থানাৰ অন্তৰ্গত বৰচাপৰী ভজাখাইটি ঘাটত সংঘটিত হয় এই নাঁও দুৰ্ঘটনা। এই দুৰ্ঘটনাত সন্ধানহীন লোক তিনিজন হল ক্ৰমে মোচাব্বিৰ হুছ
মৰিগাঁওৰ বৰচাপৰী ভজাখাইটি ঘাটত নাঁও দুৰ্ঘটনা


মৰিগাঁও, ০৬ এপ্ৰিল (হি.স.)। ব্ৰক্ষ্মপুত্ৰ নদীত নাও দুৰ্ঘটনা। সন্ধানহীন হৈ আছে তিনি জনকৈ লোক। মৰিগাঁও জিলাৰ ভেলৌগুৰী আৰক্ষী থানাৰ অন্তৰ্গত বৰচাপৰী ভজাখাইটি ঘাটত সংঘটিত হয় এই নাঁও দুৰ্ঘটনা।

এই দুৰ্ঘটনাত সন্ধানহীন লোক তিনিজন হল ক্ৰমে মোচাব্বিৰ হুছেইন (১৪ বছৰ), আইনুল হক (৩০ বছৰ) আৰু ওৱাহেদ আলী (৬৫ বছৰ)।

জানিব পৰা অনুসৰি এই লোক সকলে এটা হাতে চলোৱা নাৱেৰে নদীৰ ইটো পাৰৰ পৰা সিটো পাৰলৈ গৈ আছিল। হঠাতে নদীৰ মাজত নাওখন ডুব যোৱাত নিৰুদ্দেশ হয় লোক তিনিজন।

ঘটনাক কেন্দ্ৰ কৰি অঞ্চল জুৰি উত্তেজনাই বিৰাজ কৰিছে। এই দুৰ্ঘটনাটোত ১৭ জন লোকৰ কথমপি প্ৰাণৰক্ষা পৰে। এছ ডি আৰ এফৰ দলে সন্ধানহীন লোকতিনিজনৰ সন্ধানত নৈৰ বুকুত অভিযান চলায় থকা বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande