নাজিৰা অ এন জি চি আৱাসিক এলেকাত বিহু কৰ্মশালা
শিৱসাগৰ, ০৬ এপ্ৰিল (হি.স.)। নাজিৰা অ এন জি চি আৱাসিক অঞ্চলত বিহুৰ কৰ্মশালা ।নিৰ্বাচনী গৰম বতাহে ম্লান কৰিব পৰা নাই অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ প্ৰস্তুতি৷ নাজিৰাৰ অ’এনজিচিৰ আৱাসিক অঞ্চলত আঠদিনীয়াকৈ অনুষ্ঠিত হৈছে বিহুৰ কৰ্মশালা৷ বিধানসভা নিৰ্বাচনক
নাজিৰা অ এন জি চি আৱাসিক এলেকাত বিহু কৰ্মশালা


শিৱসাগৰ, ০৬ এপ্ৰিল (হি.স.)। নাজিৰা অ এন জি চি আৱাসিক অঞ্চলত বিহুৰ কৰ্মশালা ।নিৰ্বাচনী গৰম বতাহে ম্লান কৰিব পৰা নাই অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ প্ৰস্তুতি৷ নাজিৰাৰ অ’এনজিচিৰ আৱাসিক অঞ্চলত আঠদিনীয়াকৈ অনুষ্ঠিত হৈছে বিহুৰ কৰ্মশালা৷ বিধানসভা নিৰ্বাচনকৈ প্ৰতিটো শাসক বিৰোধী ৰাজনৈতিক দল এতিয়া ব্যস্ত নিৰ্বাচনী প্ৰচাৰত৷ কিন্তু তাৰ মাজতো প্ৰতিগৰাকী অসমীয়াই চলাইছে বাপতিসাহোন ৰঙালী বিহু উদযাপনৰ ব্যাপক প্ৰস্তুতি৷

নাজিৰাৰ অ’এনজিচিৰ আৱাসিক এলেকাত ৫এপ্ৰিলৰ পৰা আঠদিনীয়াকৈ অ’এনজিচি কৰ্মচাৰী কল্যাণ সমিতিৰ উদ্যোগত অনুষ্ঠিত হৈছে বিহু কৰ্মশালা৷ শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে এই বিহু কৰ্মশালাত৷ বিহুনাচ আৰু ঢোলবাদন কৰ্মশালা অনুষ্ঠিত হৈছে এই কৰ্মশালাত৷

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande