
নগাঁও, ০৬ এপ্ৰিল (হি.স.)। বঢ়মপুৰত জিতু গোস্বামীৰ হৈ নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। প্ৰচাৰ চলায় মুখ্যমন্ত্ৰীয়ে কয় যে
পৱন খেৰাক পেৰা বনাই দিব মুখ্যমন্ত্ৰীয়ে। অসম জাতীয় পৰিষদে যি হিন্দুৱে গৰু খাই তাকে টিকট দিয়ে। বঢ়মপুৰত বাংলাদেশী মিঞাই ভোট দিব ৰাজেন গোঁহাইক জিতু গোস্বামীক ভোট দিব অসমীয়াই। মই সকলোতকৈ জিতু গোস্বামীক বেছিকৈ ভাল পাওঁ ।
মোক প্ৰথম বিজেপিলৈ আনিছিল জিতু গোস্বামীয়ে । মই সকলোতকৈ বেছি আঁচনি সেই কাৰণে জিতু গোস্বামীক দিওঁ । বঢ়মপুৰত মুখ্যমন্ত্ৰী উপস্থিত হোৱা লগে লগে উপস্থিত ৰাইজৰ পাৰ ভঙা উৎসাহ । মঞ্চৰ চৌপাশে ৰাইজক মাতি আনি নাচি-বাগি মুখ্যমন্ত্ৰীৰ আনন্দ প্ৰকাশ ।
মুখ্যমন্ত্ৰী আহ্বান পোৱা লগে লগে হিল দৌল ভাঙি মুখ্যমন্ত্ৰীৰ ওচৰ চাপিল ৰাইজ ।
মোৰ যোৱাবাৰ শেষৰলৈকে বহুত টেনশ্যন আছিল জিতু জিকিব নে হাৰিব । যোৱাবৰ বহুত কম ভোট পালে জিতু গোস্বামীয়ে । এইবাৰ ৰাইজৰ উৎসাহ দেখি গম পালোঁ জিতু বহুত ভোটত জিকিব । ৰাজেন গোহাঁই জাতীয় পৰিষদৰ সলনি কংগ্ৰেছত উঠিব লাগিছিল ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু