কাৰ্বি আংলঙৰ সীমান্তৱৰ্তী ৩২ খন গাঁৱত বিজেপিৰ জয়ধ্বনি
কাৰ্বি আংলং, ০৬ এপ্ৰিল (হি.স.)। কাৰ্বি আংলঙৰ সীমান্তৱৰ্তী ৩২ খন গাঁৱত বিজেপিৰ জয়ধ্বনি: ড০ তুলিৰাম ৰংহাঙৰ উপস্থিতিত ৭০০ ৰো অধিক খাচীয়া লোকৰ বিজেপি সমৰ্থন। নিৰ্বাচনী গৰম বতাহে এতিয়া চুই গৈছে কাৰ্বি পাহাৰক। আজি পশ্চিম কাৰ্বি আংলং জিলাৰ আমৰেং পৰিষ
কাৰ্বি আংলঙৰ সীমান্তৱৰ্তী ৩২ খন গাঁৱত বিজেপিৰ জয়ধ্বনি


কাৰ্বি আংলং, ০৬ এপ্ৰিল (হি.স.)। কাৰ্বি আংলঙৰ সীমান্তৱৰ্তী ৩২ খন গাঁৱত বিজেপিৰ জয়ধ্বনি: ড০ তুলিৰাম ৰংহাঙৰ উপস্থিতিত ৭০০ ৰো অধিক খাচীয়া লোকৰ বিজেপি সমৰ্থন।

নিৰ্বাচনী গৰম বতাহে এতিয়া চুই গৈছে কাৰ্বি পাহাৰক। আজি পশ্চিম কাৰ্বি আংলং জিলাৰ আমৰেং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ৰংপাংবং অঞ্চলত অনুষ্ঠিত হয় বিজেপিৰ এক বিশাল নিৰ্বাচনী প্ৰচাৰ সভা। এই সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড০ তুলিৰাম ৰংহাং। উল্লেখ্য যে, অসম-মেঘালয় সীমান্তৰ যি ৩২ খন গাঁও দীৰ্ঘদিন ধৰি বিভিন্ন সমস্যাত জৰ্জৰিত হৈ আছিল, সেই অঞ্চলৰ ৰাইজে এইবাৰ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে বিজেপিৰ সমৰ্থনত।

সভাত বলিষ্ঠ ভাষণ প্ৰদান কৰি আগষ্টিন হাঞ্চেয়ে কয় যে, এতিয়া আৰু সীমান্তত বিভাজনৰ ৰাজনীতি নচলিব। ড০ তুলিৰাম ৰংহাঙৰ নেতৃত্বত পৰিষদে গ্ৰহণ কৰা সীমান্ত উন্নয়নৰ আঁচনিয়ে ৰাইজৰ মন জয় কৰিছে। তাৎপৰ্যপূৰ্ণভাৱে, যোৱাবাৰ যিবোৰ গাঁৱৰ লোকে নিৰ্বাচন বৰ্জন কৰিছিল, সেই মোৰাম মৰিয়া, বাণ্ডিং লুম্পলি আদি ১২ খনকৈ গাঁৱৰ প্ৰায় ৭০০ ৰ পৰা ৮০০ গৰাকী খাচীয়া লোকে আজিৰ সভাত উপস্থিত থাকি পদুম ফুলৰ সপক্ষে নিজৰ স্থিতি স্পষ্ট কৰে। সীমান্তবাসীৰ এই অভূতপূৰ্ব সঁহাৰিয়ে বিৰোধী শিবিৰত এতিয়া তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে আমৰেং সমষ্টিৰ ৰাজনৈতিক সমীকৰণ এতিয়া সম্পূৰ্ণ সলনি হোৱা পৰিলক্ষিত হৈছে। বিশেষকৈ খাচীয়া সম্প্ৰদায়ৰ এই বিপুল সমৰ্থনে ৰংপাংবং অঞ্চলত বিজেপিৰ ভেটি অধিক শক্তিশালী কৰি তুলিছে। এতিয়া মাথো অপেক্ষা নিৰ্বাচনৰ ফলাফললৈ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande