পলাশবাৰী সমষ্টিৰ বাগানত বিজেপিৰ বিজয় সংকল্প সভা
কামৰূপ, ০৬ এপ্ৰিল (হি.স.)। উক্ত সভাত কেবিনেট মন্ত্ৰী পিযুষ হাজৰিকা। আজি পলাশবৰীৰ ৰাভা হাছং এলেকাৰ বৰদুৱাৰ বাগানৰ জাৰাপাটা খেলপথাৰত অনুষ্ঠিত হয় বিজেপিৰ বিজয় সংকল্প সভা। উক্ত সভাত মন্ত্ৰী পিযুষ হাজৰিকা উপস্থিত থাকি নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি পলাশবাৰ
পলাশবাৰী সমষ্টিৰ বাগানত বিজেপিৰ বিজয় সংকল্প সভা


কামৰূপ, ০৬ এপ্ৰিল (হি.স.)। উক্ত সভাত কেবিনেট মন্ত্ৰী পিযুষ হাজৰিকা। আজি পলাশবৰীৰ ৰাভা হাছং এলেকাৰ বৰদুৱাৰ বাগানৰ জাৰাপাটা খেলপথাৰত অনুষ্ঠিত হয় বিজেপিৰ বিজয় সংকল্প সভা। উক্ত সভাত মন্ত্ৰী পিযুষ হাজৰিকা উপস্থিত থাকি নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি পলাশবাৰীক আগন্তুক দিনত উন্নয়ণৰ শিখৰলৈ লৈ যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ।

পলাশবাৰীৰ বিজেপি প্ৰাৰ্থী তথা যুৱ নেতা হিমাংশু শ্বেখৰ বৈশ্যক নিজৰ সৰু ভাতৃ বুলি সম্বোধন কৰি পলাশবাৰীকো জালুকবাৰী জাগীৰোডৰ দৰে উজলাই তুলিম বুলি ৰাইজৰ আগত পোন লয় মন্ত্ৰী পিযুষ হাজৰিকাই। মন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰসংগত কয় যে ৰাভা হাছঙত বসবাস কৰা জনতাৰ মৰম দেখি তেওঁলোকৰ প্ৰতিটো সমস্যা হিমাংশু শ্বেখৰৰ জড়িয়তে সমাধান কৰি দিম বুলি উল্লেখ কৰে। ভূমি পট্টাক লৈ বিৰোধীয়ে ইমান দিনে চলায় থকা অপপ্ৰচাৰ সন্দৰ্ভত বিজেপি চৰকাৰে খিলঞ্জীয়া ভূমিপুত্ৰ সকলৰ ভূমিত কেতিয়াও উচ্ছেদ নকৰে। বিজেপি চৰকাৰ খিলঞ্জীয়াৰ লগত আছিল, আছে আৰু থাকিব বুলি উল্লেখ কৰে। লগতে কয় যে বৰদুৱাৰ বাগানত চেটেলাইট টাউনশ্বিপ নালাগে আৰু চিক্স লেন ৰাস্তাৰো কোনো প্ৰয়োজন নাই।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande